NORTHEAST NOW (Assamese)

৯:৩০ বজাত কৰ্মচাৰীয়ে চৰকাৰী কাম-কাজ আৰম্ভ কৰক : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

December 21, 2017 1:54 pm · এন ই নাও নিউজ

আজি কৰ্মচাৰী ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য প্ৰকাশ কৰে যে চৰকাৰী কৰ্মচাৰীয়ে পুৱা ৯:৩০ বজাৰ পৰা চৰকাৰী কাম-কাজ আৰম্ভ কৰিব লাগে। কথা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে উত্তৰ পূৱত সূৰ্য্য সোনকালে উদয় হয় আৰু সেয়েহে চৰকাৰী কাম-কাজ সমূহ সলনি কৰাৰ বাবে চিন্তা কৰা হৈছে।

ভাষণৰ মাজতে দুৰ্নীতিৰ বিৰুদ্ধে সদায় সৰব হৈ থকা মুখ্যমন্ত্ৰী গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে বহু সংখ্যক চৰকাৰী কাৰ্য্যালয়ত বৰ্তমান সময়তো অবৈধভাৱে ধনৰ লেনদেন চলিয়েই আছে আৰু সেইবোৰ বন্ধ কৰিবৰ বাবে চৰকাৰে কঠোৰতকৈও কঠোৰ ব্যৱস্থা হাতত লোৱা হ’ব।

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কৰ্মচাৰী সকলক সততা আৰু নিষ্ঠাৰে কাম কৰি যাবৰ বাবে আহ্বান জনোৱাটো পৰিলক্ষিত হয়। এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহু  কলংকিত বিষয়া কৰ্মচাৰী বৰ্তমান সময়ত ৰঙা ঘৰৰ আলহী আৰু ভৱিষ্যতেও এনেধৰণৰ দুৰ্নীতিৰ লগত জড়িত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনে আপোচবিহীনভাবে ব্যৱস্থা গ্ৰহণ কৰিব।

 

 

 

 

 

Related News