NORTHEAST NOW (Assamese)

ৰঙাগড়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

March 28, 2018 5:43 pm · কাজি জেইদুল ইছলাম

আজি পুৱাৰ ভাগত ৰঙাগড়াত সংঘটিত হয় এক ভয়ংকৰ পথ  দুৰ্ঘটনা |

বিশ্বনাথ চাৰিআলি অভিমুখে এখন  চাৰিচকীয়া বাহনত আহি থকা বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু এগৰাকী বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ  সংঘটিত হয় |

সংঘৰ্ষত বাইক আৰোহীজন থিতাতে নিহত হয়।

চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত  ৰঙাগড়াত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা মটৰ চাইকেল আৰোহী জনক জখলাবন্ধাৰ শংকৰ বাগলাৰী বুলি জানিব পৰা গৈছে।

আনহাতে, ভয়ংকৰ পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ মৃণাল বৰাক  নগাওঁৰ  ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে |

Related News