ৰঙালী বিহুত গামোচাত হাড়গিলাৰ ছবি তোলাৰ আহ্বান পূৰ্ণিমা দেৱী বৰ্মনৰ

purnima

হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে গ্ৰীন অস্কাৰ জয় কৰিবলৈ সক্ষম হোৱা পূৰ্ণিমা দেৱী বৰ্মনে সমাগত ৰঙালী বিহুত গামোচাত হাড়গিলাৰ ছবি তোলাৰ আহ্বান জনাইছে শিপিণী সকলক।

দেওবাৰে মহানগৰীৰ দীপৰ বিলত অনুষ্ঠিত এটা সুতা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ঠ পৰিৱেশবিদ গৰাকীয়ে লাভ কৰা ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ কামৰূপ জিলাৰ দদৰাৰ শিপিণী সকলক অৰ্পণ কৰে।

উল্লেখযোগ্য যে অলপতে বৰ্মনে দেশৰ মহিলা সকলক আগবঢ়োৱা সৰ্বোচ্চ অসামৰিক সন্মান ‘নাৰী শক্তি পুৰস্কাৰ’ লাভ কৰিবলৈ সক্ষম হৈছিল। য’ত তেওঁ বঁটাৰ সৈতে লাভ কৰিছিল ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।

জানিব পৰা মতে অনুষ্ঠানটোৰ জৰিয়তে মহিলা সকলক প্ৰায় ৩০০ কেজি সুতা বিতৰণ কৰা হয়।

অনুষ্ঠানটোত ভাষণ আগবঢ়ায় বিশিষ্ট পৰিৱেশবিদ গৰাকীয়ে শিপিণী সকলক ৰঙালী বিহু উপলক্ষে গামোচাত হাড়গিলাৰ ছবি তুলিবলৈ আহ্বান জনায় তেনে গামোচা বিক্ৰী কৰাৰ পৰিৱৰ্তে পৰস্পৰক উপহাৰ দিবলৈ কয়।

আনহাতে হাড়গিলা সংৰক্ষণৰ বিষয় উল্লেখ কৰি বৰ্মনে কয় যে দদৰাত পক্ষীবিধৰ সংৰক্ষণৰ হাৰ বৃদ্ধি পাইছে। কিয়নো উক্ত অঞ্চলৰ লোকসকলৰ পক্ষীবিধক বন্ধু হিচাপে গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সেয়েহে হাড়গিলা সংৰক্ষণৰ বাবে মহিলা সকলক আগবাঢ়ি আহিবলৈ তেওঁ আহাবান জনায়।