• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰঙিয়াৰ এপ’ল মিল ব্যক্তিগত খণ্ডক গতোৱাৰ প্ৰস্তুতিত হতাশ কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 7:21 am
এপ'ল মিল ৰঙিয়া
148
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে ৰঙিয়াৰ তুলসীবাৰীত অৱস্থিত এপ’ল মিলটো সম্পৰ্কত শেহতীয়াভাৱে গ্ৰহণ কৰা সিদ্ধান্তই মিলটোৰ কৰ্মচাৰীসকলক হতাশ কৰি তুলিছে। জানিব পৰা মতে অসম চৰকাৰে ৰঙিয়াৰ এপ’ল উদ্যোগটো ব্যক্তিগত খণ্ডক গতাব বিচাৰিছে।

অসম চৰকাৰৰ সমবায় বিভাগৰ পঞ্জীয়কে এই সন্দৰ্ভত দৈনিক কাকতত বিজ্ঞাপন প্ৰকাশ কৰি মিলটো চলাবৰ বাবে পাৰ্টনাৰ বিচাৰিছে। বৃহস্পতিবাৰে দৈনিক কাকতত প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে মিলটোৱে ২০১৩-১৪ বৰ্ষৰ পৰাই লাভৰ মুখ দেখা নাই। ইয়াৰ ফলত ২০১৬ চনৰ ডিচেম্বৰত মিলটো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

বৰ্তমান ৰাজ্য চৰকাৰে মিলটো পুনৰ মুকলি কৰি কাৰ্যক্ষম কৰি তোলাৰ বাবে ১০.১১ কোটি টকাৰ আৰ্থিক সাহায্য মুকলি কৰি দিছে। কিন্তু চৰকাৰে ইয়াৰ স্থায়িত্ব আৰ্থিক স্বাৱলম্বিতাৰ প্ৰতি লক্ষ্য ৰাখি মিলটো চলোৱাৰ বাবে ব্যক্তিগত খণ্ডৰ উপযুক্ত অৰ্হতাসম্পন্ন আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ সহায় বিচাৰিছে।

ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে চৰকাৰে এই মিলটোৰ দায়িত্ব ল’ব খোজা নাই আৰু ইয়াক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিব বিচাৰিছে।

চৰকাৰৰ এনে সিদ্ধান্তই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মিলটো পুনৰুজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে অলপতে ১০ কোটি টকা মোকলাই দিয়াৰ পিছত ৰঙিয়াত যি আশাৰ সঞ্চাৰ হৈছিল তাত কম দিনৰ ভিতৰতেই চেঁচা পানী পৰাৰ উপক্ৰম হৈছে।

ব্যক্তিগত খণ্ডৰ হাতলৈ গ’লে মিলটোৰ কৰ্মচাৰীসকলে পুনৰ অসুৰক্ষিত হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে। ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাই মিলটোৰ কৰ্মচাৰীসকলক হতাশ কৰি তুলিছে।

ৰাজ্য চৰকাৰৰ এনে সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰঙিয়া ব্লক কংগ্ৰেছ কমিটিয়ে মিলটো কোনো ক্ষেত্ৰতে যাতে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া নহয় তাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে।

Recent News

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো অহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd