ৰহিংগিয়া সংকট মোচনৰ উদ্দেশ্যে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ দল

image

চুবুৰীয়া ম্যানমাৰৰ সামৰিক বাহিনীৰ হিংসাৰ বলি হৈ দেশখনলৈ পলাই অহা হেজাৰ হেজাৰ ৰহিংগিয়া মুছলমানৰ লগত জড়িত সংকটটো সমাধান কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিছে  বাংলাদেশলৈ অহা ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ এটা দলে।

প্ৰায় সাত লাখ ৰহিংগিয়া আশ্ৰয় লৈ থকা সীমান্ত অঞ্চল আৰু শৰণাৰ্থী শিৱিৰসমূহ পৰিদৰ্শন কৰি কূটনীতিকসকলে কয় যে তেওঁলোকে এই পৰিদৰ্শনকালত প্ৰথমতে পৰিস্থিতিটো চোৱাৰ এক সুযোগ লাভ কৰিছে। এছোচিয়েট প্ৰেছৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ উপ-ৰাষ্ট্ৰদূত ডিমিট্ৰি পলিয়ানস্কিয়ে কয় যে তেওঁ আৰু তেওঁৰ সহযোগী দলৰ সদস্যসকলে তেওঁলোকৰ এই ভ্ৰমণৰ পিছত এই সংকটটোৰ পৰা দৃষ্টি অঁতৰাই নাৰাখে। অৱশ্যে তেওঁ লগতে সকীয়াই দিয়ে যে ইয়াৰ কোনো উজু সমাধান নাই।

‘’ বাংলাদেশ আৰু ম্যানমাৰলৈ আহি সকলোবোৰ চাই যোৱা অতি আৱশ্যক আছিল। কিন্তু ইয়াৰ কোনো যাদুকৰী সমাধান নাই, সকলোবোৰ সমস্যা সমাধান কৰি দিবলৈ কোনো যাদুদণ্ড নাই,’’- কক্স বাজাৰৰ উপকূলীয় চহৰৰ কুটুপালঙ শৰণাৰ্থী শিৱিৰত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ এইদৰে কয়।

কূটনীতিকসকলে আজি তিনিদিনীয়া বাংলাদেশ ভ্ৰমণ সামৰিব আৰু ম্যানমাৰলৈ যোৱাৰ বাবে প্ৰস্থান কৰিব।

চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ –সুৰক্ষা পৰিষদৰ স্থায়ী সদস্য এই চাৰিখন দেশৰ প্ৰতিনিধিৰ লগতে দহখন অস্থায়ী সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰে গঠিত এই কূটনীতিকৰ দলটোৱে ধৰ্ষণৰ বলিকে ধৰি প্ৰায় ১২০ জন শৰণাৰ্থীৰ সৈতে কথা পাতিছে।

ৰাষ্ট্ৰসংঘত পেৰুৰ ৰাষ্ট্ৰদূত গুষ্টাভো এডল্ফ’ মেজা কুৱাদ্ৰা ভেলাছকিজে কয় যে তেওঁ আৰু তেওঁৰ দলৰ সতীৰ্থ সদস্যসকলে সংকটটোৰ বিষয়ে ‘অতি চিন্তিত’ আৰু ‘কঠোৰ পৰিশ্ৰম’ কৰিবলৈ সাজু।

‘’ মই ভাৱো আমি শৰণাৰ্থী সংকটটোৰ লগতে কিছুমান পৰিয়ালৰ অতি কৰুণ দুৰ্দশাৰ গভীৰতা প্ৰত্যক্ষ কৰিছো,’’-তেওঁ কয়।

শৰণাৰ্থীসকলে স্ব-গৃহলৈ প্ৰত্যাৱৰ্তনৰ বাবে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা বিচাৰিছিল। ৰাষ্ট্ৰসংঘৰ শৰমাৰ্থী সংস্থা আৰু বাংলাদেশে অলপতে এখন বুজাবুজিৰ চুক্তি চূড়ান্ত কৰিছিল য’ত কোৱা হৈছে যে পুনৰ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো ‘’আন্ত:ৰাষ্ট্ৰীয় মান সম্পন্ন দিশেৰে সুৰক্ষিত, স্বেচ্ছামূলক আৰ মৰ্যাদাপূৰ্ণ’’ হ’বই লাগিব।