ৰহিঙীয়া শৰণাৰ্থীৰ অৱস্থাৰ বুজ ল’বলৈ বাংলাদেশ ম্যানমাৰ ভ্ৰমণ কৰিব নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰদূতে

Rohingya-refugee-678x381

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা প্ৰতিনিধি দলে ৰহিঙীয়া শৰণাৰ্থীৰ সমস্যাৰ সন্দৰ্ভত চাক্ষুস প্ৰমাণ লোৱাৰ বাবে ম্যানমাৰ আৰু বাংলাদেশ ভ্ৰমণলৈ আহিব।

বাতৰিত প্ৰকাশ পোৱা মতে, ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টিফেন ডুজাৰিকে কৈছে যে নিৰাপত্তা পৰিষদৰ ১৫গৰাকী ৰাষ্ট্ৰদূতৰ আটাইকেইগৰাকীয়েই  ২৬ এপ্ৰিলৰ পৰা ২ম’লৈকে দুয়োখন দেশ ভ্ৰমণলৈ আহিব।

উল্লেখ্য যে বিগত বছৰৰ আগষ্ট মাহত ম্যানমাৰৰ সামৰিক বাহিনীয়ে ৰাখিনি ৰাজ্যত অভিযান চলাই প্ৰায় ৭০০,০০০ ৰহিঙীয়া মুছলমানক ম্যানমাৰ ত্যগ কৰিবলৈ বাধ্য কৰিছিল।  বৰ্তমান ৰহঙীয়াসকল বাংলাদেশৰ অস্বাস্থ্যকৰ শৰণাৰ্থী শিবিৰবোৰত আশ্ৰয় লৈ আছে।

উল্লেখ্য যে পৰিষদে ফেব্ৰুৱাৰি মাহত ম্যানমাৰ ভ্ৰমণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও ম্যানমাৰ চৰকাৰে সেয়া সঠিক সময় নহয় বুলি ভ্ৰমণৰ অনুমতি প্ৰদান কৰা নাছিল। কিন্তু শেহতীয়াকৈ ম্যানমাৰ চৰকাৰে অনুমতি দিয়াত নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰদূতসকলে এপ্ৰিলৰ ২৬ৰ পৰা দেশদুখন ভ্ৰমণৰ কথা সদৰি কৰিছে।

ম্যানমাৰ চৰকাৰে প্ৰকাশ কৰিছে যে ৰাকিনি ৰাজ্যত চোৱা অভিযানৰ উদ্দেশ্য আছিল সন্ত্ৰাসবাদক উচ্চেদ কৰা। নিৰাপত্তা পৰিষদে বিছাৰিছে যে ৰহিঙীয়াসকলক নিৰাপদে ম্যানমাৰলৈ প্ৰত্যাৱৰ্তন কৰাৰ অনমতি প্ৰদান কৰা হওক।