• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাকেশ পালৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ তদন্ত আৰম্ভ চি বি আইৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2018 7:10 am
অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। ফাইল ফটো

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল। ফাইল ফটো

112
VIEWS
Share on FacebookShare on Twitter

এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগৰ সম্পৰ্কত তদন্তকাৰী সংস্থা চিবিআইয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

বিভিন্ন পৰ্যায়ৰ প্ৰশাসনীয় বিষয়া বাছনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰা আৰু অগাধ ধন-সম্পত্তিৰ অধিকাৰী হৈ পৰা অসম লোকসেৱা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ বিৰুদ্ধে চি বি আইয়ে আনুষ্ঠানিকভাৱে তদন্ত আৰম্ভ কৰিছে।

সংস্থাটোৱে বৰ্তমান কাৰাবন্দী হৈ থকা পালক এই সম্পৰ্কত জেৰা কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

ৰাকেশ পালৰ সন্দৰ্ভত চিবিআই তদন্ত ঘোষণা কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়টোকে উচ্চতম ন্যায়ালয়েও বাহাল ৰখাৰ পিছত তদন্তকাৰী সংস্থাটোৱে প্ৰাৰম্ভিক অভিযোগ পঞ্জীয়ন কৰি আৰম্ভ কৰা অনুসন্ধানৰ অংশ হিচাপে চিবিআইৰ গুৱাহাটী শাখাই পালৰ সম্পৰ্কত তথ্য পাতি সংগ্ৰহ কৰিছে।

এপিএছচি কেলেংকাৰী সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা তদন্তত উদ্ধাৰ হোৱা তথ্য প্ৰমানসমূহ চিবিআইৰ এগৰাকী উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠিত তিনিজনীয়া দলে সংগ্ৰহ কৰিছে।

ডিব্ৰুগড়ৰ গোচৰটোৰ তদন্তকাৰী বিষয়া তথা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰৰ সৈতে এই বিষয়ত যোৱা দুদিন লগ ধৰি চিবিআইৰ দলটোৱে দীঘলীয়া আলোচনাত মিলিত হয়।

চিবিআইয়ে বিষয়াজনৰ পৰা গোচৰটোৰ আটাইবোৰ অভিযোগনামাৰ প্ৰতিলিপি, জব্দ কৰা সামগ্ৰীৰ তালিকাৰ প্ৰতিলিপি, তদন্তত লাভ কৰা পালৰ সা-সম্পত্তিৰ তথ্য, পালৰ বেংক লেন-দেনৰ তথ্যকে ধৰি সকলো নথি পত্ৰ সংগ্ৰহ কৰে।

উল্লেখযোগ্য যে পালৰ সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে চিবিআই তদন্ত বিচাৰি দাখিল কৰা এখন জনস্বাৰ্থ জড়িত আবেদনৰ বিচাৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পালৰ সন্দৰ্ভত চিবিআই তদন্তৰ নিৰ্দেশ দি ৰায়দান কৰিছিল। পিছত পালে এই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চতম ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়কে বাহাল ৰাখে।

Recent News

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

৫ বা ১০ হাজাৰ নহয়, ছেভিংছ একাউণ্টত ন্যূনতম বেলেঞ্চ হ’ব লাগিব ৫০ হাজাৰ! কোন বেংকে দিলে এই নিৰ্দেশনা?

৫ বা ১০ হাজাৰ নহয়, ছেভিংছ একাউণ্টত ন্যূনতম বেলেঞ্চ হ’ব লাগিব ৫০ হাজাৰ! কোন বেংকে দিলে এই নিৰ্দেশনা?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd