য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ দুদিনীয়াকৈ আহ্বান জনোৱা ধৰ্মঘট কাৰ্য্যসূচীৰ ফলত ৩০ আৰু ৩১ মে’ত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো ধৰণৰ কাম-কাজ বন্ধ হৈ থাকিব। ফলত ব্যক্তিগত খণ্ডৰ বেংকৰ সেৱা কমকৈ থকা আৰু বিশেষকৈ ৰাজহুৱা খণ্ডৰ বেংকৰ সেৱাৰ ওপৰতে ভৰসা কৰা উত্তৰ-পূবৰ গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
ধৰ্মঘট আহ্বান কৰা য়ুনিয়নৰ এটা সূত্ৰই জনোৱামতে, এই সময়ছোৱাৰ ভিতৰত এ টি এমৰ সেৱাও উপলব্ধ নহ’ব পাৰে। দৰমহাকেন্দ্ৰিক বিভিন্ন দাবীতে এই ধৰ্মঘট কাৰ্য্যসূচী লোৱা বুলি য়ুনিয়নে জানিবলৈ দিছে।
উল্লেখযোগ্য যে য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।
অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে আই চি আই চি আই, এক্সিছ, এইচ্ছ ডি এফ চি, য়েছ বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।
জানিব পৰামতে, বেংক কৰ্মচাৰীসকলৰ এই দৰমহা সম্পৰ্কীয় দাবীবোৰ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত মুখ্য শ্ৰম আয়ুক্তই য়ু এফ বি য়ুৰ সৈতে আলোচনাৰ চেষ্টা কৰিছিল যদিও কেৱল ২ শতাংশহে দৰমহা বৃদ্ধিৰ প্ৰস্তাৱত য়ু এফ বি য়ু সন্মত নহ’ল। শেহতীয়া মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জীৱন ধাৰণৰ মান বজাই ৰখাৰ যি ঊৰ্ধ্বমুখী খৰচ তাৰ সৈতে ই খাপ নাখায় বাবে তেওঁলোক ইয়াত সন্মত নহ’ল।
ফলত ধৰ্মঘটৰ কাৰ্য্যসূচী এৰাই চলাৰ প্ৰচেষ্টাটো ব্যৰ্থ হয়। বৈঠকৰ সময়ত বেংক বিলাকে এতিয়া সন্মুখীন হৈ থকা ‘অনুৎপাদনশীল সম্পদ’ বা ‘আনাদায় ঋণ’ৰ বোজাৰ পৃষ্ঠভূমিটো বিবেচনা কৰিবলৈ য়ু এফ বি য়ুক অনুৰোধ কৰা হৈছিল যদিও য়ু এফ বি য়ু-এ কয় যে এইটোৰ সৈতে বেংকৰ কৰ্মচাৰীৰ দৰমহাৰ কোনো সম্পৰ্ক নাই। বেংকৰ কৰ্মচাৰীয়ে যিমান পাৰে সিমান কষ্ট কৰি আছে।
উল্লেখযোগ্য যে আগৰবাৰ ২০১২ চনত যেতিয়া ২০১২-২০১৭ সময়ছোৱাৰ বাবে বেংকৰ কৰ্মচাৰীসকলৰ দৰমহা বঢ়োৱা হৈছিল, তেতিয়া ১৫ শতাংশ বৃদ্ধি কৰা হৈছিল।