• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক কৰ্মচাৰীসকলে মৰ্যাদা আৰু সন্মান সহকাৰে জীয়াই থাকিব লাগিব : বাসৱ কলিতা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 6, 2018 6:45 am
কৰ্মচাৰী পৰিষদৰ সভা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’ৰাজ্যিক কৰ্মচাৰীসকলে যাতে মৰ্য্যদা আৰু সন্মান সহকাৰে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ্মচাৰী সকলে নিজৰ সন্মান অটুট ৰাখিবলৈ হ’লে ৰাজ্যৰ ৪.৫ লাখ কৰ্মচাৰীয়ে নিজৰ কৰ্মৰ জৰিয়তে অসমৰ ৩ কোটি জনসাধাৰণৰ আস্থা আৰু বিশ্বাস লাভ কৰিব লাগিব ।‘’ এই বক্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ চন্দ্ৰ কলিতাৰ ।

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ পঞ্চম দ্বি-বাৰ্ষিক নাগ্ৰীজুলি অধিবেশনৰ মুকলি সভাত দেওবাৰে বাসব কলিতাই এই মন্তব্য কৰে ।ভাষণ প্ৰসংগত তেওঁ কয় যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সংগঠনটোৰ লগত জড়িত থকা বা নথকা ৰাজ্যৰ সকলো ধৰণৰ কৰ্মচাৰীৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদ দায়বদ্ধ।

সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ সমূহ দূৰীকৰণৰ ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে সঘনাই ৰাজ্য চৰকাৰৰ লগত আলোচনা চলাই সমস্যা সমূহৰ সমাধানৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি মন্তব্য কৰি তেওঁ কয় যে দৰমহা আয়োগৰ দায়িত্বত থকা একাংশ অনভিজ্ঞ লোকৰ বাবে বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰী সকলৰ দৰমহাৰ গাথঁনিত বিসংগতিৰ সৃষ্টি হৈছে।

দৰমহা আসোঁৱাহ সমিতিৰ প্ৰতিবেদনৰ বিষয়ে বিতংকৈ ব্যাখ্যা কৰি বাসৱ  চন্দ্ৰ কলিতাই কয় যে এই প্ৰতিবেদনৰ মৰ্মেই সংগঠনটোৰ প্ৰচেষ্টাত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক সকলক মাহিলী ৩০০ টকাকৈ ভাট্টা দিয়াৰ অনুমোদন জনাইছে ৰাজ্য চৰকাৰে ।

ভাষণ প্ৰসংগত তেওঁ কয় যে অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ কৰ্মচাৰী সকলে এতিয়াও বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। তেলেংগনাৰ চৰকাৰী কৰ্মচাৰীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ দৰে অসমৰ কৰ্মচাৰী সকলেও যাতে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰে তাৰ ওপৰত সদৌ অসম কৰ্মচাৰী পৰিষদে চৰকাৰৰ ওচৰত তীব্ৰ দাবী জনাই আহিছে ।

পাঁচ শতাধিক কৰ্মচাৰীক উদ্দেশ্যি আগবঢ়োৱা ভাষণত বাসব কলিতাই কয় যে ৰাজ্যৰ কৰ্মচাৰীসকল একত্ৰিত হৈ থাকিলেহে কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দিচপুৰ বাধ্য হ’ব।

তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মৃণাল দাসৰ সভাপতিত্বত আবেলি ৩.৩০ বজাত অনুষ্ঠিত সভাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে তামুলপুৰ মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাসে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ চন্দ্ৰ কাকতিয়ে ভাষণ ৰাখি অসমৰ সমাজ জীৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে ।

তামূলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক কনোৰাম কলিতাই আঁত ধৰা সভাখনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান ফকৰুদ্দিন আহমেদ , সাংগঠনিক সম্পাদক গংগাধৰ বৰ্মন , কাৰ্য নিৰ্বাহক সদস্য দীনবন্ধু ডেকা , বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা আদিকে ধৰি তামুলপুৰ জিলা আৰু নাগ্ৰীজুলি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ বিষয় -ববীয়া তথা সদস্য সকল উপস্থিত থাকে।

উক্ত সভাতেই তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ মুখপত্ৰ  ”কৰ্মযোগী”  উন্মোচন কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্ৰধান নগেন দাসে। ইপিনে নাগ্ৰীজুলি আঞ্চলিক কৰ্মচাৰী পৰিষদৰ উদ্যাগত আয়োজিত অধিবেশনৰ কাৰ্যসূচী অনুসৰি মুকলি সভাৰ পূৰ্বে অনুষ্ঠিত প্ৰতিনিধি সভাখন মুকলি কৰে নাগ্ৰীজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভক্ত বাহাদুৰ ছেত্ৰীয়ে। প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

প্ৰতিনিধি সভাতেই মৃণাল দাসক সভাপতি আৰু কন্দৰ্প তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খন গঠন কৰা হয় ।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd