ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই যোৰহাটত সম্বৰ্দ্ধনা জনালে কৃষক নবনীতা দাসক

M-2-570x320

বঁটা লাভৰ ক্ষেত্ৰত নবনীতা দাস অচিনাকি নহয়। কিন্তু যোৰহাটত আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাই জনোৱা সম্বৰ্দ্ধনাটো আছিল বিশেষ উল্লেখনীয়, কিয়নো এগৰাকী মহিলা হিচাপে তেওঁ অৰ্জন কৰা সাফল্যৰ এক স্বীকৃতি আছিল এয়া।

মৰ্চাৰ তিনিগৰাকী সদস্যই চহৰখনৰ প্ৰায় ১২ কিলোমিটাৰ নিলগৰ নিমাতীঘাটৰ ওচৰৰ পতীয়া গাঁৱত থকা তেওঁৰ জৈৱিক পামখনত উপস্থিত হৈ কোনো আনুষ্ঠানিকতা অবিহনে এগৰাকী মহিলা হিচাপে কৃষি কৰ্মৰ জৰিয়তে তেওঁ অৰ্জন কৰা সফল্যৰ বাবে তেওঁক এযোৰ মেখলা চাদৰ আগবঢ়ায়।

বৃত্তিত এগৰাকী নাৰ্চ নবনীতাই ২০০৯ চনত তেওঁৰ বৃত্তি ত্যাগ কৰি তেওঁৰ দেউতাক আৰু পূৰ্বপুৰুষসকলে যুগ যুগ ধৰি কৰি অহা কামটো হাতত লয়।

‘’মোৰ এগৰাকী ভনী বিয়া হোৱা এলেঙমৰাত গজি উঠা ফল আৰু শাক পাচলিবোৰ দেখি অভিভূত হৈছিলো। মই প্ৰথমতে বৰছলা বিলৰ ওচৰত অৱস্থিত ব্ৰহ্মপুত্ৰৰ এটা বালি চাপৰি ২ নং চৰাইগাঁৱ চাপৰি মুকলি কৰি লৈছিলো। মোৰ দেউতা আৰু ককাদেউতাহঁতে ইয়াত পাচলিৰ খেতি কৰা মই দেখিছিলো কিন্তু এতিয়া ইয়াত বাঘৰ ভয়ত গৰুও নচৰোৱা হ’ল,’’-তেওঁ কয়।

বাৰিষাৰ সময়ত নদীৰ বাৰ্ষিক বানপানীৰ সময়ছোৱাত পানীৰ তলত থকা এই মাটিত সাফল্যৰ মুখ দেখা অথচ এতিয়াও সন্তুষ্ট নোহোৱা নবনীতাই পতীয়াগাঁৱত তিনি বিঘা মাটি লৈছিল। পিছত তেওঁ ইয়াক ছয় বিঘালৈ সম্প্ৰসাৰণ কৰে।

‘’ এই মাটি ডোখৰ ধাননি পথাৰ আছিল আৰু শাক-পাচলি, ফলমূল আৰু ফুলৰ খেতিৰ বাবে ইয়াক সলনি কৰি ল’বলগীয়া হৈছিল। মই জে চি ভিত ড্ৰাইবাৰৰ কাষত বহি মই কি কৰিব বিচাৰিছো সেয়া তেওঁক নিৰ্দেশনা দিয়া দৃশ্য দেখি মানুহবোৰ মুগ্ধ হৈ পৰিছিল। আজি আন কৃষক সকলে মোৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে আৰু লগতে  তেওঁলোকৰ নিজৰ মাটিত পাচলিৰ খেতি কৰে,’’-নবনীতাই কয়।

নবনীতাৰ উৎপাদনসমূহ সম্পূৰ্ণ জৈৱিক। সম্পূৰ্ণ জৈৱিক সাৰ ব্যৱহাৰ কৰি তেওঁ পাচলিৰ লগতে আন খেতিসমূহ কৰিছে।

২০১৬ চনত ভাৰতীয় কৃষি গৱেষণা পৰিষদে অসম কৃষি বিশ্ববিদ্যালয়ত তেওঁক শ্ৰেষ্ঠ কৃষক বঁটা প্ৰদান কৰিছিল। চলিত বছৰৰ ২২ ফেব্ৰুৱাৰীত আইচিএআৰৰ পাটনা শাখাই তেওঁক বিশ্বিদ্যালয়খনৰ দ্বাৰা অঞ্চলটোৰ আন দহগৰাকী প্ৰগতিশীল খেতিয়কৰ লগতে পুনৰ নিৰ্বাচিত হোৱাৰ পিছত সন্মানিত কৰে।

গণতন্ত্ৰ দিৱসৰ দিনা তেওঁক যোৰহাটত পেৰাডাইজ গ্ৰুপ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই যৌথভাৱে সম্বৰ্দ্ধনা জনাইছিল।

ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভাপতি জোনালী বৰা, আঞ্জলি কোঁৱৰ আৰু মুনমী তামুলী, যোৰহাট জিলা বিজেপি মহিলা মৰ্চাৰ ক্ৰমে সভাপতি আৰু সম্পাদিকাই তেওঁৰ প্ৰচেষ্টাৰ বাবে নবনীতাক প্ৰশংসা কৰে।