ৰাজ্য কঁপোৱা সাৰদা কেলেংকাৰিৰ ফাইল দুবছৰ লুকুৱাই ৰাখিছিল প্ৰাক্তন মুখ্য সচিব ভি কে পিপাৰচেনিয়াই : দুলাল বৰা

দুলাল বৰা

আৰ টি আই কৰ্মী দুলাল বৰা। ফাইল ফটো

‘দেশ কঁপোৱা বৃহৎ কেলেংকাৰি হৈছে সাৰদা কেলেংকাৰি। অসমৰ নামো এই কেলেংকাৰিৰ সৈতে সাঙোৰ খাই পৰিছে। মই ২০১৬ চনতে এই অভিযোগ তেওঁক দিছিলো যদিও তেওঁ ফাইলটো নি লুকুৱাই থৈ দিলে।‘

বুধবাৰে দিচপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি আৰ টি আই কৰ্মী দুলাল বৰাই ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পিপাৰচেনিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে পিপাৰচেনিয়াই অৱসৰ গ্ৰহণ কৰাৰ দিনাই সেই ফাইলটো বিচাৰি পোৱা হৈছিল বুলি বৰাই কোৱাৰ লগতে তেওঁ কয়, ‘দুবছৰে মই আৰ টি আই কৰি কৰি অৱশেষত তেওঁৰ কাৰ্য্যালয়ৰ কোঠাৰ পৰাই চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰি অৰ্থাৎ তেওঁ চাকৰিৰ পৰা অবসৰ লোৱা দিনাই ফাইলটো উদ্ধাৰ হয় বুলি মুখ্য সচিবৰ বিষয়াই মুখ্য তথ্য আয়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা শপতনামাত উল্লেখ আছে।‘

পিপাৰচেনিয়াই ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে সাৰদা কেলেংকাৰীৰ ফাইল লুকুৱাই ৰখাৰ অভিযোগত দুলাল বৰাই ইতিমধ্যে দিচপুৰ থানাত ১১৮৮/১৮ নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও বৰ্তমানলৈকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা নাই বুলি তেওঁ দিচপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তোলে।

আনহাতে, ‘ৰাজ্য কঁপোৱা সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখাৰ পৰা আৰম্ভ কৰি দিচপুৰ ৱৰ্থ প্ৰাইভেট লিমিটেডক কেইবাকোটি টকীয়া চৰকাৰী মাটি এপাৰ্টমেন্ট নিৰ্মাণৰ বাবে আৱন্টন দিয়া আদি কেলেংকাৰীৰ তদন্ত কেতিয়া হ’ব?’ বুলি দুলাল বৰাই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীল স্থিতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে।

তদুপৰি দুলাল বৰাই এই অভিযোগসমূহৰ ভিত্তিত পিপাৰচেনিয়াৰ দৰে দুৰ্নীতিপৰায়ন লোকৰ  বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে আজিৰ সংবাদ মেলৰ জৰিয়তে মুখ্য মন্ত্ৰীক দাবী জনায়।