NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰে মাটি আবণ্টন দিলেই ডিব্ৰুগড়ত নিৰ্মাণ হ’ব দেশৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমি

July 22, 2018 11:07 am · এন ই নাও নিউজ
বি চি চি আইৰ সচিব অমিতাভ চৌধুৰীৰ ফাইল ফটো

উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে উপযোগী হ’ব পৰাকৈ দেশৰ ভিতৰতে সৰ্বোৎকৃষ্ট ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমি এখন স্থাপন কৰা হ’ব অসমত।

শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ত অনুষ্ঠিত ‘ক্ৰীড়া আইন আৰু পৰিচালন ব্যৱস্থা’ শীৰ্ষক এক ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ কৰি এই কথা পুনৰ উল্লেখ কৰে বি চি চি আইৰ সচিব অমিতাভ চৌধুৰীয়ে।

ডিব্ৰুগড় ডিকম চাহ বাগিচা প্ৰধান অঞ্চলত এন চি এৰ বাবে প্ৰয়োজনীয় মাটি চোৱা হৈছে। আৰু মই ডিকমৰ মাটি ডৰা চাই আহিছো। যদিহে অসম চৰকাৰে প্ৰয়োজনীয় মাটিৰ যোগান ধৰে তেন্তে অসমত দেশৰ শ্ৰেষ্ঠ ক্ৰিকেট একাডেমি গঢ়ি তোলা হ’ব বুলি বি চি চি আইৰ সচিবজনে উল্লেখ কৰে।

তেওঁ লগতে কয়  ‘মই জানিবলৈ পোৱা অনুসৰি অসমৰ মুখ্য মন্ত্ৰীয়ে প্ৰস্তাৱিত এন চি এ কেন্দ্ৰটোৰ বাবে সন্মতি দিছে। প্ৰয়োজনীয় মাটি উপলব্ধ হ’লেই আমি পিছদিনাৰ পৰাই কাম আৰম্ভ কৰিম।‘

অসমত এন চি এৰ  কেন্দ্ৰটো হৈ উঠিলে কেবল অসমে নহয়, উত্তৰ-পূবৰ আঠোখন ৰাজ্য উপকৃত হ’ব বুলিও উল্লেখ কৰে সচিবগৰাকীয়ে।

আনহাতে  অসম ক্ৰিকেট সংস্থাৰ (এ চি এ) সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে মন্তব্য কৰি কয় যে এই কেন্দ্ৰটো হৈ উঠিলে অসম যথেষ্ট উপকৃত হ’ব।

Related News