ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত স্বৰ্ণ পদকেৰে উজলিল কলিয়াবৰৰ ৰূপজ্যোতি শইকীয়া

স্প’ৰ্টছ কাৰাটে এছ’চিয়েচন অব ইণ্ডিয়াৰ উদ্যোগত কলকাতাৰ দীঘাত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ অংশগ্ৰহণ কৰা কলিয়াবৰৰ ৰূপজ্যোতি শইকীয়াই স্বৰ্ণ পদক দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা ২৫ মে’ৰ পৰা ২৮ মে’ লৈকে হোৱা এই প্ৰতিযোগিতাত নগাওঁ জিলাৰ কলিয়াবৰৰ ৰূপজ্যোতি শইকীয়াই ৪৮-৫২ কেজি শাখাত জন্মু কাশ্মীৰৰ এজন খেলুৱৈক পৰাজিত কৰি স্বৰ্ণ পদক দখল কৰিবলৈ সক্ষম হয়।

কলিয়াবৰৰ নিজ চিলাবন্ধা নিবাসী ৰবিৰাম শইকীয়া আৰু ৰীণা শইকীয়াৰ পুত্ৰ ৰূপজ্যোতি শইকীয়াই ২০১৫ চনৰ জুলাই মাহত শিৱসাগৰ জিলাৰ শিমলুগুৰিত আছাম কুংফু আৰু কিক বক্সিং এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰথম উত্তৰ-পূব আখাদা ফেষ্টিভেলত ৪৪ কেজি শাখাত সোণৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনিত বিজয়ী হোৱাৰ বাবে ৰূপজ্যোতিয়ে ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ কাৰাটে প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব।

এই বিশ্বকাপ কাৰাটে প্ৰতিযোগিতাখন কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

তদুপৰি মহাৰাষ্ট্ৰত কাৰাটেৰ ব্লেকবেল্টধাৰী বিপ্লব কুমাৰ শইকীয়াৰ নেতৃত্বত কলিয়াবৰৰ পৰা যোৱা ১০ জনীয়া দলটোৰ কৃতাৰ্থ ৰাজখোৱা আৰু জ্ঞানদীপ শইকীয়াই ৰূপৰ পদক আৰু মৃন্ময় জ্যোতি বৰাই ব্ৰঞ্জৰ পদক দখল কৰিছে।

আনহাতে দেশৰ ১৩ খন ৰাজ্যৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি জুনিয়ৰ চাব জুনিয়ৰ আৰু চিনিয়ৰ শাখাত অনুষ্ঠিত হৈছিল।

ইফালে ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া বিশ্বকাপ কাৰাটে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ ৰূপজ্যোতিৰ প্ৰশিক্ষক বিপ্লবে তেওঁৰ তত্বাৱধানত ৰূপজ্যোতিক উন্নত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।