ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়মুৰ-চাপানালা পথত পুৰণিগুদামবাসীৰ ভূঁই ৰুই প্ৰতিবাদ

chamaguri protest.docx photo

নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ জৰাজীর্ণ পথে অঞ্চলবাসীক যমৰ-যাতনা দি আহিছে। বিগত ২৫টা বছৰে অৱহেলিত হৈ থকা বঢ়মপুৰ বিধানসভা সমষ্টিৰ  অন্তৰ্গত পথসমুহৰ গাঁতত পৰি কেবাটাও সৰু-বৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বাহন সমূহৰো বিস্তৰ ক্ষতিসাধন হৈছে।

উক্ত পথটোৰ শোচনীয় অৱস্থাই অঞ্চলটোৰ শিক্ষা,স্বাস্থ্য, আৱশ্যকীয় দিশবোৰৰ লগতে ব্যৱসায়-বানিজ্যটো প্ৰভাৱ পেলাই আহিছে ৷ গ্ৰাম্য অঞ্চলৰ পথসমুহৰ লগতে অৰ্ধশতাধিক গাঁৱৰ যাতায়তৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী  গড়মুৰ-চাপানালা পথটো পুনৰ নির্মাণ কৰিবলৈ স্থানীয় ৰাইজে দীর্ঘদিনৰে পৰা দাবী কৰি আহিছে।

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত, বিভাগীয় কৰ্তৃপক্ষ, ৰাজ্যত উন্নয়ৰ শ্ল’গান দি শাসন ভাৰ নিজৰ হাতলৈ অনা বিজেপি দলৰ নেতা কৰ্মীসকলে গা-এৰা দি অহাৰ ফলস্বৰূপে দেওবাৰে  পুৰণিগুদাম গড়মুৰৰ  শইকীয়া চুক নামঘৰৰ সমীপতে স্থানীয় ৰাইজে পথতে ভুঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

জানিব পৰা মতে বিগত ২৫ টা বছৰে অগপৰ অধীনত থকা বঢ়মপুৰ সমষ্টিটো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাৰ বাতৰি পৰিবেশন হৈ আহিছে। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গ্ৰাম্য পথ সমুহ দিনক দিনে একোটা পুখুৰীলৈ পৰিণত হৈ পৰিছে।

আনহাতে, যোৱা ৪ আগষ্টত অজ্ঞাত কোনো লোকে পুৰণিগুদাম-গড়মুৰ- চাপানালা সংযোগী পথটোত অতি নিম্ন মানৰ সামগ্ৰী পেলাই পুখুৰীসদৃশ গাঁত সমূহ পূৰণ কৰিবলৈ চেষ্টা কৰে যদিও  নিম্ন মানৰ সামগ্ৰী দিয়াৰ ফলত পথটোৰে যাতায়ত কৰাৰ সুবিধা হওঁক চাই অৱনতিহে ঘটে।

ইয়াতেই ক্ষুব্ধ হৈ স্থানীয় ৰাইজে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পথটো অতি কম দিনৰ ভিতৰত যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ চৰকাৰৰ ওচৰত  দাবী জনাইছে।