• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে প্ৰতীক হাজেলাই নিজে একো সিদ্ধান্ত ল’ব নোৱাৰে : ৰিপুণ বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2018 11:50 pm
APCC_Hajela

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ দিছে অসম প্ৰদেশ কংগ্ৰেছে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অজ্ঞাতে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত লোৱাৰ গুৰুতৰ অভিযোগ তুলি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যোৱা সঁজাতী দলে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

“ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰতীক হাজেলাই নিজাববীয়াকৈ কোনো নিৰ্দেশনা দিব নোৱাৰে। কাৰণ সম্পূৰ্ণ প্ৰক্ৰিয়াটো উচ্চতম ন্যায়ালয়ৰ তদাৰকীত চলি আছে। কেৱল প্ৰতীক হাজেলাই নহয়, মুখ্য মন্ত্ৰীয়েও এইক্ষেত্ৰত অকলে একো নিৰ্দেশনা দিব নোৱাৰে।” স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে ৰিপুণ বৰাই মন্তব্য প্ৰকাশ কৰে।

“উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইন ১৯৫৫-ৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে” বুলি মত প্ৰকাশ কৰি ৰিপুণ বৰাই লগতে কয় যে শেহতীয়াভাৱে ২০১৭ চনৰ ১৬ অক্টোবৰত এটা নতুন নিৰ্দেশনা দিয়া হৈছিল। সেই নিৰ্দেশনাত কোৱা হৈছিল যে যিবিলাক সন্দেহজনক ভোটাৰ আৰু যিসকলক ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে, তেওঁলোকৰ সতি-সন্ততিৰ নাম নাগৰিকত্ব আইন, ১৯৫৫ ৰ ৩ নং ধাৰা অনুসৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত সোমাব।

আনহাতে, ২০১৭ চনৰ ২ মে’ৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গোচৰত এগৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে বিদেশী বুলি ঘোষণা কৰিছে বুলি উল্লেখ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে।

সংবাদ মাধ্যমত ৰিপুণ বৰাই মহিলাগৰাকীৰ নামটো প্ৰকাশ নকৰিলে যদিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে বিদেশী ঘোষিত মহিলাগৰাকীৰ নাম আখতাৰা খাতুন আৰু তেওঁৰ নামত ডব্লিউ পি চি ৩৬০/২০১৭ ধাৰাত এটা গোচৰ ৰুজু হৈছিল।

তাৰ পাছতে মহিলাগৰাকীয়ে উচ্চ ন্যায়ালয়ত আপত্তি দৰ্শাোৱা বুলি সদৰী কৰি ৰিপুণ বৰাই কয় যে ন্যায়ালয়ে ১৯৪৬ চনৰ বিদেশী আইনক ভিত্তি কৰি ৰায় দিছিল। সেই আইনখনত উল্লেখ আছে যে যিসকল বিদেশী ঘোষিত হৈছে, সেইসকলৰ সতি-সন্ততিৰ এখন তালিকা সীমা সুৰক্ষা বাহিনীয়ে প্ৰস্তুত কৰিব।

“কিন্তু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ অধীনত প্ৰণালী প্ৰস্তুত হোৱাৰ পিছতো এই কথাটো উচ্চতম ন্যায়ালয়ক অৱগত নকৰাকৈ জিলা উপায়ুক্তসকললৈ নিৰ্দেশনা দিছে যে যিসকল বিদেশী হিচাপে গণ্য হৈছে, সেইসকলৰ সতি-সন্ততি অথবা পৰিয়ালৰ অন্য লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব নোৱাৰিব।” এনেদৰে বৰাই কয়। আজি এই বিষয়টো সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনক স্মাৰক পত্ৰ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd