ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সমন্বয়ক প্ৰতীক হাজেলাক স্মাৰক পত্ৰ প্ৰদান ছ’চিয়েল জাষ্টিছ ফৰামৰ

32aab4b4-c4f4-4fbc-bf3a-681647eff4ea

জাষ্টিছ ফৰামৰ সজাতি দলটোৰ সৈতে সমন্বয়ক প্ৰতীক হাজেলা

অলপতে গুৱাহাটীস্থিত ছ’চিয়েল জাষ্টিছ ফৰামৰ এটা পাঁচজনীয়া সজাতি দলে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বংশ বৃক্ষ পৰীক্ষণ আৰু গাঁও পঞ্চায়তৰ সম্পাদকে দিয়া প্ৰমান পত্ৰ পৰীক্ষাৰ নামত ৰাজ্যখনত দেখা দিয়া সমস্যাসমূহ সমাধানৰ বাবে সজাতি দলটোৱে প্ৰতীক হাজেলাক অনুৰোধ জনায়।

ইফালে ৰাজ্যিক সমন্বয়গৰাকীৰ লগত হোৱা সাক্ষাতৰ সময়ত সজাতি দলটোৱে বংশ বৃক্ষ পৰীক্ষণৰ নামত সমাজৰ এচাম দুখীয়া আৰু নিৰীক্ষৰ লোক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলিও সদৰী কৰে। তাৰোপৰি কিছু লোকক বংশ বৃক্ষ পৰীক্ষণৰ বাবে একাধিক ঠাইলৈও যাবলগীয়া হোৱাত সেই পৰিয়ালসকল আহুকালৰ সন্মুখীন হোৱা বুলিও হাজেলাক অৱগত কৰোৱায়।

মনকৰিবলগীয়া যে মাননীয় উচ্চতম ন্যায়ালয়ে সংযোগী নথি হিচাপে বিবাহিত মহিলাৰ ক্ষেত্ৰত পঞ্চায়ত নথি পত্ৰ বৈধ বুলি আদেশ জাৰি কৰাৰ পাছতো কিছু সংখ্যক স্থানীয় বিষয়াই উক্ত ৰায়ক অৱমাননা কৰি পঞ্চায়তৰ নথিৰ উপৰি PAN আৰু বিদ্যালয়ৰ প্ৰমানপত্ৰ কিয় বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে।

প্ৰায় এঘণ্টা ধৰি চলা উক্ত আলোচনাত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সজাতি দলটোৱে উত্থাপন কৰা সকলো ধৰণৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

প্ৰতীক হাজেলাক সাক্ষাতৰ সময়ত ছ’চিয়েল জাষ্টিছ ফৰামৰ উক্ত সজাতি দলটোৰ সৈতে উপস্থিত থাকে বৰ্ষীয়ান বাওপন্থী নেতা দেৱান জয়নাল আবেদিন, কান্তিময় দেৱ, গোলাপ মজুমদাৰ, মাজেদুৰ ৰহমানৰ লগতে আৰিকুল হক।