ৰাষ্ট্ৰীয় পথৰ জৰাজীৰ্ণ অৱস্থাত বিতুষ্ট মুখ্য মন্ত্ৰী; অতি শীঘ্ৰে মেৰামতিৰ কাম সমাপ্ত কৰিবলৈ নিৰ্দশ

cm-nh-570x320

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ জৰাজীৰ্ণ অৱস্থায়ে বিতুষ্ট কৰি তুলিছে স্বয়ং ৰাজ্যৰ মুখ্য মন্ত্ৰীক। অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম সমাপ্ত কৰিবলৈ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম পৰিসীমিত (এন এইচ আই ডি চি এল)ৰ মহাপ্ৰবন্ধক অজিতপাল সিং ব্ৰাৰক কঠোৰ নিৰ্দশ দিয়ে।

আজি ডিব্ৰুগড়ত এন এইচ আই ডি চি এলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থায়ে ৰাইজৰ মাজত যতেষ্ট ক্ষোভৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে।

পথত গাঁতৰ সৃষ্টি হ’লেই যাতে মেৰামতিৰ কাম কৰিব পাৰে তাৰ বাবে এন এইচ আই ডি চি এলক বিভিন্ন ঠাইত গোট স্থাপন কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। পথ নিৰ্মাণত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ এইক্ষেত্ৰত কম্বোডিয়াৰ পথ নিৰ্মাণৰ প্ৰযুক্তিৰ কৌশল প্ৰয়োগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

উল্লেখযোগ্য যে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কাজিৰঙাত অনুষ্ঠিত বৈঠকত কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো এন এইচ আই ডি চি এলে তৎপৰ ব্যৱস্থা গ্ৰহণ নকৰাত মুখ্য মন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

আনহাতে আজি পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম আৰম্ভ হৈছে বুলি বৈঠকত এন এইচ আই ডি চি এলৰ মহাপ্ৰবন্ধক গৰাকীয়ে মুখ্য মন্ত্ৰীক অৱগত কৰে।

আজিৰ উক্ত বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকাৰ লগতে এন এইচ আই ডি চি এলৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।