ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবলত ৰূপৰ পদক অৰ্জন আয়োজক অসমৰ

Roll ball

প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত যোৱা ১৯ জুলাইৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাপ ৰোলবল চেম্পিয়নশ্বিপত অসমৰ পুৰুষ আৰু মহিলা উভয় দলে উজ্জ্বীৱিত প্ৰদৰ্শন দাঙি ধৰে যদিও অৱশেষত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

উল্লেখ্য যে প্ৰতিযোগিতাৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে মহিলাৰ ফাইনেলত অৱতীৰ্ণ হয় অসম আৰু জম্মু-কাশ্মীৰ। ৰোমাঞ্চকৰ মেচখনত জম্মু-কাশ্মীৰে অসমক ১-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে একেদিনাই অসম আৰু মহাৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হয় পুৰুষৰ ফাইনেল মেচখন। একপক্ষীয় মেচখনত মহাৰাষ্ট্ৰই সহজতে ১০-১ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে।

ইফালে প্ৰতিযোগিতাখনৰ মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় অসমৰ মনীষা প্ৰধান আৰু পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় মহাৰাষ্ট্ৰৰ সৌৰভ ভালেৰাও।

কালি সামৰণি পৰা প্ৰতিযোগিতাখনৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্যৰ গৃহ বিভাগৰ প্ৰধান সচিব এল এছ চাংছন, ৰোলবল ফেডাৰেশ্যন অব ইণ্ডিয়াৰ সভাপতি বিনীত কুবেৰ, উপ-সভাপতি মনোজ যাদৱ আৰু অসম ৰোলবল সন্থাৰ সভাপতি মিফতাউদ্দিন আহমেদ উপস্থিত থাকে।