দেশৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে ‘ৰাষ্ট্ৰীয় যুৱ দিৱস’ পালন কৰাৰ সময়তে যুৱক-যুৱতীসকলক সঠিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা ‘নেহৰু যুৱ কেন্দ্ৰ’সমূহত বিষয়া-কৰ্মচাৰীৰ অভাৱে অসুবিধাত পেলাইছে বিভাগটোৰ সৈতে জড়িত বিষয়া আৰু যুৱক-যুৱতীসকলক।
দেশে স্বাধীনতা লাভ কৰাৰ ২৫ বছৰ উপলক্ষে ১৯৭২ চনত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাত ‘নেহৰু যুৱ কেন্দ্ৰ’ প্ৰতিষ্ঠা কৰিছিল। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা বিভাগৰ অধীনস্থ এই কেন্দ্ৰসমূহে যুৱক-যুৱতীসকলক সঠিক দিশত আগুৱাই নিয়াৰ লগতে দেশপ্ৰেম জাগৃত কৰাৰ কামত নিয়োজিত হৈ আছে। যুৱক-যুৱতীসকলক দিগদৰ্শন দিয়াৰ উদ্দেশ্যে গঠিত এই কেন্দ্ৰসমূহে সম্প্ৰতি পৰ্যাপ্ত বিষয়া-কৰ্মচাৰীৰ অভাৱে অসুবিধাত পেলাইছে যুৱক-যুৱতীসকলক।
কেন্দ্ৰসমূহ প্ৰতিষ্ঠা হোৱাৰ সময়ত প্ৰতিটো কেন্দ্ৰত এগৰাকী যৱ সমন্বয়ক, এগৰাকী গাণনিক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ সহায়কসহ তিনিগৰাকী কৰ্মচাৰী আছিল যদিও বৰ্তমান ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক নেহৰু যুৱ কেন্দ্ৰত এই তিনিগৰাকী কৰ্মচাৰীৰো অভাৱ পৰিলক্ষিত হৈছে।
বৰপেটা জিলা সদৰত থকা নেহৰু যুৱ কেন্দ্ৰৰ গাণনিক গৰাকী বিগত বৰ্ষৰ জুলাই মাহত অৱসৰ গ্ৰহণ কৰাত বঙাইগাঁও জিলাৰ গাণনিক গৰাকীয়ে বৰপেটাৰ কাম-কাজ কৰিবলৈ বাধ্য হৈছে। একেদৰে বৰপেটা জিলাৰ নেহৰু যুৱ কেন্দ্ৰৰ যুৱ সমন্বয়ক তাপস প্ৰামাণিকে বৰপেটা জিলাৰ লগতে অইন চাৰি-পাঁচখন জিলাৰ যুৱ সমন্বয়ক হিচাপে কাম-কাজ চলাই থাকিবলৈ বাধ্য হৈছে।
এগৰাকী বিষয়াই চাৰি-পাঁচখন জিলাৰ কাম-কাজ কৰি যুৱক-যুৱতীসকলক কিদৰে সঠিক দিশত আগুৱাই নিব পাৰিব সেয়া চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে। অন্যান্য জিলাত থকা নেহৰু যুৱ কেন্দ্ৰসমূহতো বিষয়া-কৰ্মচাৰীৰ অভাৱে কেন্দ্ৰটো প্ৰতিষ্ঠাৰ সময়ত লোৱা উদ্দেশ্য সফল কৰাত নিশ্চয় বাধাৰ সৃষ্টি হৈছে।
বিগত সময়ছোৱাত এই কেন্দ্ৰসমূহত পৰ্যাপ্ত বিষয়া-কৰ্মচাৰী নিয়োগ কৰাৰ বাবে দাবী জনাই থকা হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এনে অমনোযোগিতাৰ বাবে সম্প্ৰতি সংকটৰ গৰাহত উপনীত হৈছে যুৱক-যুৱতীক দিগদৰ্শন দিয়াৰ উদ্দেশ্যে স্থাপন কৰা নেহৰু যুৱ কেন্দ্ৰ।