হাৰিয়ানাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বীপৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ত্ৰিপুৰাৰ প্ৰতিযোগীসকল। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপখন অহা ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব।
‘ৰাজ্যিক যোগ প্ৰতিষ্ঠানৰ পৰা মুঠ ২৭ গৰাকী প্ৰতিযোগীয়ে ৰাষ্ট্ৰীয় যোগ চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰিব। আৰু তেওঁলোকে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবৰ বাবে প্ৰচেষ্টা চলাব’। এনদৰে মন্তব্য কৰে ৰাজ্যিক যোগ প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকলে।
আনহাতে উক্ত যোগ প্ৰতিষ্ঠানটোৰে এজন বিষয়াই কয়, ‘ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া ২৭ গৰাকী প্ৰতিযোগীৰ দলটোৰ সৈতে ৩জন বিষয়ববীয়াই ৩ এপ্ৰিলৰ দিনা আগৰতলা ৰেইল’ৱে ষ্টেশ্যনৰ পৰা হাৰিয়ানালৈ যাত্ৰা কৰিব। আৰু দলটো নিজ ৰাজ্যলৈ উভটি আহিব ১৩ এপ্ৰিলত’।
ইফালে প্ৰতিযোগিতাখনৰ বাবে ত্ৰিপুৰাৰ এই ২৭গৰাকী প্ৰতিযোগীয়ে পূৰ্ণ পৰ্যায়ত প্ৰশিক্ষণ কাৰ্য চলাই থকা বুলিও ৰাজ্যিক যোগ প্ৰতিষ্ঠানৰ তৰফৰ পৰা জানিবলৈ দিয়ে।
আনহাতে প্ৰতিযোগীসকলে আগন্তুক প্ৰতিযোগিতাখনত সোণ, ৰূপ তথা ব্ৰঞ্জৰ পদক আজুৰি আনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি তেওঁলোকৰ প্ৰশিক্ষকসকল যথেষ্ট আশাবাদী তথা দৃঢ়বিশ্বাস।