ৰেনজং এফ চি আৰু কুমাৰ স্প’ৰ্টিং ক্লাবৰ মাজৰ খেলেৰে আৰম্ভ ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ

football-570x320

সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে পালজৰ ষ্টেডিয়ামত আৰম্ভ হয় ছিকিম ফুটবল এছ’চিয়েশ্যনে আয়োজন কৰা ছিকিম দ্বিতীয় ডিভিজন ফুটবল লীগ। ৰেনজং ফুটবল ক্লাব আৰু কুমাৰ স্প’ৰ্টিং ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ আৰম্ভণি মেচত বিজয় সাব্যস্ত কৰে ৰেনজং ক্লাবে।

ইফালে আজি ছিকিম পুলিচ আৰু হাওলাৰছ ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ দ্বিতীয়খন গুৰুত্বপূৰ্ণ মেচ। এইবাৰৰ দ্বিতীয় ডিভিজন লীগত ৫ টা ক্লাবে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

উল্লেখ্য যে যোৱা বছৰ অনুষ্ঠিত হোৱা চি ডিভিজন লীগত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে বি ডিভিজনলৈ উন্নীত হৈছে ৰেনজং এফ চি আৰু কুমাৰ স্প’ৰ্টিং ক্লাব। আনহাতে ছিকিম পুলিচ আৰু জংৰী এফ চিয়ে ছিনিয়ৰ ডিভিজনত অতি নিম্নমানৰ প্ৰদৰ্শন দেখুওৱাৰ ফলত বি ডিভিজনলৈ অৱনমীত হ’বলগীয়া হয়।

ছিকিম ফুটবল এছ’চিয়েশ্যনৰ অধ্যক্ষ ড০ সোনম টি এথেনপাই জানিবলৈ দি কয় যে এইবাৰৰ লীগত মুঠ ১০ খন মেচ অনুষ্ঠিত হ’ব আৰু প্ৰত্যেকটো দলে বিপৰীত দলৰ লগত একোখনকৈ খেলত অৱতীৰ্ণ হ’ব।  প্ৰতিযোগিতাত বিজয়ী দলে তিনি পইণ্টকৈ লাভ কৰাৰ বিপৰীতে ড্ৰ খেলিলে লাভ কৰিব ১ পইণ্ট। আৰু এইদৰে যিটো দলে সৰ্বাধিক পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব সেই দলটোকে লীগৰ চেম্পিয়ন হিচাপে ঘোষণা কৰা হ’ব।

আনহাতে অধ্যক্ষগৰাকীয়ে পুনৰ কয় যে ৫ টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া লীগৰ শীৰ্ষ দল দুটা অহা বছৰ অনুষ্ঠিত হ’বলগীয়া এ ডিভিজন লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব।

উল্লেখ্য যে সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা বি ডিভিজন লীগৰ চেম্পিয়নৰ খিতাপ দখল কৰা দলটোক নগদ ২০ হেজাৰ টকাসহ আকৰ্ষণীয় ট্ৰফী প্ৰদান কৰা হ’ব।

ইয়াৰ উপৰি এথেনপাই জনায় যে বি ডিভিজন লীগ অন্ত পৰাৰ পাছতে অৰ্থাৎ স্বাধীনতা দিৱস ফুটবল টুৰ্ণামেণ্টৰ পূৰ্বে প্ৰিমিয়াৰ ডিভিজন ষ্টেট লীগ অনুষ্ঠিত কৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আঠটা দলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’ব বহু প্ৰতিক্ষিত প্ৰিমিয়াৰ ডিভিজন ষ্টেট লীগ।