অহা বুধবাৰে মাঘী পূৰ্ণিমা। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃদ্ধি পাইছে তীৰ্থযাত্ৰীৰ ভিৰ।
ইফালে প্ৰয়াগৰাজলৈ যোৱাৰ পথতেই হওক বা ঘৰলৈ উভতি আহোঁতে দেশৰ বিভিন্ন প্ৰান্তত একাধিক পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে।
মধ্যপ্ৰদেশৰ জবালপুৰত মঙলবাৰে এখন মিনিবাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত ৭ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অন্ধ্ৰ প্ৰদেশৰ পৰা বাছেৰে প্ৰয়াগৰাজলৈ ২৫ জন তীৰ্থযাত্ৰীয়ে যাত্ৰা কৰিছিল। সোমবাৰে নিশা পবিত্ৰ স্নান কৰি উত্তৰ প্ৰদেশৰ পৰা ৰাওনা হয় বাছখন।
জানিব পৰা মতে, মঙলবাৰে পুৱা বাছখনে মধ্যপ্ৰদেশৰ জবালপুৰ পাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই এখন মালবাহী ট্ৰাকত খুন্দা মাৰে।
প্ৰথম অৱস্থাত কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে চালকজনৰ কোনো দোষ আছিল নেকি সেই বিষয়েও তদন্ত অব্যাহত আছে।
আনহাতে, আজি পুৱাৰ ভাগত আন এক সুকীয়া দুৰ্ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। বিহাৰৰ কাইমুৰ জিলাত মঙলবাৰে পুৱা এখন ট্ৰাক আৰু এখন অটো মুখামুখি সংঘৰ্ষ।
আৰক্ষীয়ে জনোৱা মতে, নিহত দুজন অঞ্জু সিং, দীপক কুমাৰ আৰু ৰাজকুমাৰ সিং। অঞ্জলি কুমাৰ আৰু কাঞ্চন সিং নামৰ দুজন ব্যক্তি আহত হয়। খবৰ অনুসৰি আটাইকেইজনেই ঔৰংগাবাদৰ বাসিন্দা। অটো চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।