বিটিআৰত আৰক্ষীৰ বৃহৎ সফলতা : ইউএলবিৰ ১০ সদস্য আটক

বড়োভূমিত নতুনকৈ আত্মপ্ৰকাশ কৰি অসমত অক্টোৱৰ মাহত ধাৰাবাহিক বোমা বিষ্ফোৰণৰ দৰে ভয়াবহ ভাবুকি দিয়া সশস্ত্ৰ সংগঠন ইউ এল বিৰ ১০ গৰাকীকৈ দুৰ্ধৰ্ষ কেডাৰক বিগত ২৪ ঘন্টাত আৰক্ষী আৰু চিআৰপিএফে পৃথকে পৃথকে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ইয়াৰে কোকৰাঝাৰত ৮ জনক, চিৰাঙত এজন আৰু বাস্কা জিলাত এজনক আটক কৰা হৈছে বুলি জনাইছে বিটিআৰৰ বিশেষ আইজিপি এল আৰ বিঞ্চুই ৷

উল্লেখ্য যে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত বিটিআৰৰ বিশেষ আইজিপি এল আৰ বিঞ্চই ইউ এল বিৰ ২২ জন সদস্যৰ তালিকা আৰক্ষীৰ হাতত পৰা বুলি ইয়াৰে কয়।

ইয়াৰে ১০ জনক গ্ৰেপ্তাৰ কৰাত নিৰাপত্তা বাহিনীৰ সফল হোৱা বুলি তেওঁ দাবী কৰে৷ আনহাতে আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা অভিযানত ধৃত ইউএলবি কেডাৰৰ পৰা ২১ খন বড়ো ভাষাত লিখা ধনদাবী পত্ৰ, ১২ টা মোবাইল আৰু দুটা হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰে ৷

আনহাতে ইউএলবিৰ ভাইৰেল হোৱা ভিডিঅ’ত জড়িত দহ জনৰ ছয় জনক আৰক্ষীয়ে চিনাক্ত কৰি ইতিমধ্যে ইয়াৰে ছয় জনক কৰায়ত্ত কৰা হৈছে বুলি সদৰী কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে ৷

সংবাদমেলত ইউএলবিৰ বিৰুদ্ধে চলোৱা অভিযানত সংগঠনটোৰ হাতত মজুত থকা ১০ টা মাৰণাস্ত্ৰৰ ভিতৰৰে ছটা অত্যাধুনিক বুলি বিষয়াগৰাকীয়ে কয়।

বড়োভুমিত তিনিখনকৈ চুক্তি সম্পাদনৰ পিছতো পুনৰ সশস্ত্ৰ সংগঠন ইউএলবিৰ জন্মই জনতাৰ মাজত আতংকৰ সৃষ্টি কৰা বুলিও আজি শীৰ্ষ আৰক্ষী বিষয়া আক্ষেপ প্ৰকাশ কৰে ৷

সংবাদমেলত কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিঙ পানেচাৰ,চিআৰপিএফ ডিআইজি জয়দেৱ কেশৰী আৰু ১২৯ চিআৰপিএফৰ অধিনায়ক গুলাৱ সিং উপস্থিত আছিল ৷