১০২ বছৰীয়া আইতাৰ পতাকা উত্তোলন বামুণীমৈদামৰ মাদাৰ বৃদ্ধাশ্ৰমত

সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে গুৱাহাটীৰ বামুণীমৈদামৰ পূব জ্যোতিনগৰস্থিত মাদাৰ বৃদ্ধাশ্ৰমত পতাকা উত্তোলন কৰে ১০২ বছৰীয়া এগৰাকী আইতা সুভদ্ৰা দেৱীয়ে।

উল্লেখযোগ্য যে প্ৰত্যেকবছৰৰ দৰে এইবছৰো পুত্ৰ-কন্যা অথবা পৰিয়ালৰ লোকৰ পৰা বিছিন্ন হৈ থকা বৃদ্ধাশ্ৰমৰ ককা আইতাসকলক লগত লৈ স্বাধীনতা দিৱসটি উদযাপন কৰিলে মাদাৰ বৃদ্ধাশ্ৰমৰ উৎপল হৰ্ষবৰ্দ্ধন আৰু মনিকা শৰ্মাই।

আজি স্বাধীনতা দিৱস উপলক্ষে বৃদ্ধাশ্ৰমখনত পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ককা -আইতাসকলৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

ইফালে পতাকা উত্তোলনৰ অন্তত বৃদ্ধাশ্ৰমখনৰ আটাইতকৈ পুৰণি তথা ১০২ বছৰীয়া আইতাই নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত পতাকা উত্তোলন কৰি বহু আনন্দ লাভ কৰা বুলি কয়। লগতে কয় যে ‘মোৰ লগৰ প্ৰায়বোৰৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু মই পতাকা উত্তোলন কৰিছো।’

উল্লেখযোগ্য যে ১০২ বছৰীয়া আইতাগৰাকীৰ ভাতৃ আৰু ভগ্নী স্বাধীনতা সংগ্ৰামৰ সময়ৰ আন্দোলনকাৰী আছিল। ভাতৃ আৰু ভগ্নীৰ প্ৰসংগ তুলি ধৰি তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয় ‘সেইসময়ত টেলিফোনৰ ব্যৱহাৰ নাছিল। গতিকে তেওঁলোকে স্বাধীনতা সংগ্ৰামৰ সময়ত ক’ৰবাত সভা-সমিতি অনুষ্ঠিত কৰিবলৈ হ’লে সকলোকে খবৰবোৰ যোগান ধৰিছিল।’

তেওঁ লগতে কয় যে ‘বহু কষ্ট কৰি আমি স্বাধীনতা লাভ কৰিছো। আমি বন্দুক-বাৰুদ ধৰিবলৈ যোৱা নাই, কিন্তু আমি সেইসময়ত যিখিনি কৰিছিলো, সেয়া বৰ্তমানৰ লোকসকলে কৰিব নোৱাৰে।’

আনহাতে সাক্ষাৎকাৰৰ শেষৰ ফালে আইতাগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় ‘এবাৰ দেশখন স্বাধীন হওঁতেই বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। কেনেবাকৈ আকৌ যদি দেশখন আন কাৰোবাৰ হাতলৈ যায়, বৰ চিন্তা লাগে।‘

ইয়াৰোপৰি মাদাৰ বৃদ্ধাশ্ৰমখনৰ সভাপতি উৎপল হৰ্ষবৰ্দ্ধে আমাক জনাই যে তেওঁলোকৰ বৃদ্ধাশ্ৰমত থকা ককা-আইতাৰ ভিতৰৰ বহুকেইজনেই প্ৰাক স্বাধীনতা কালৰ।

তেওঁ লগতে কয় যে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল তেওঁলোকৰ বৃদ্ধাশ্ৰমলৈ আহি আজিৰ দিনটোত ককা-আইতাসকলক খাদ্য বস্তু যোগান ধৰাৰ লগতে তেওঁলোকৰ সৈতে আনন্দ-ফুৰ্তি কৰে।