মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি ১২ গৰাকী কংগ্ৰেছ বিধায়কৰ তৃণমূলত ‘যোগদান’

 তৃণমূল কংগ্ৰেছৰ দাবীত মেঘালয় কংগ্ৰেছত জোকাৰণি

মেঘালয় কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি ৰাজ্য খনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি ১২ কংগ্ৰেছ বিধায়কে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে।

তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কৰা এই দাবীৰ পিছতে মেঘালয় কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে কংগ্ৰেছ বিধায়কসকলৰ তৃণমূল কংগ্ৰেছত যোগদানৰ কথা আজি বিয়লিৰ ভাগত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে কংগ্ৰেছৰ বিধায়ক কেইগৰাকীয়ে ইতিমধ্যে বিষয়টো মেঘালয় বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোক লিখিত ভাবে অৱগত কৰিছে।

উল্লেখ্য মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই তৃণমূল কংগ্ৰেছত যোগদান কৰিব বুলি বহু দিন ধৰি চৰ্চা চলি আহিছে।

মেঘালয় কংগ্ৰেছৰ সভাপতি পদকলৈয়েই ৰাজ্য খনৰ কংগ্ৰেছত মেৰু বিভাজন ঘটিছিল।আগষ্ট মাহত লোকসভাৰ সাংসদ ভিনচেণ্ট পালাক মেঘালয় কংগ্ৰেছৰ সভাপতি হিচাবে দায়িত্ব অৰ্পন কৰাৰ পিছৰে পৰা দলটোত বিসম্বাদে গা কৰি উঠিছিল।

মুকুল চাংমাই অভিযোগ কৰা অনুসৰি তেওঁৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে পালাক মেঘালয় কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল।

উল্লেখ্য তৃণমূলত যোগদান কৰা চাংমা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়গৰাকী প্ৰভাৱশালী নেতা।

ইয়াৰ পূৰ্বে অসমৰ সুস্মিতা দেৱ আৰু ত্ৰিপুৰাৰ সুৱল ভৌমিকে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।