ইন্দোৰত ভয়াৱহ দুৰ্ঘটনা: মন্দিৰৰ পুখুৰীত পৰি ১২ গৰাকীৰ মৃত্যু

Indore Temple Floor Collaps

আজি পুৱা মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা। ইন্দোৰৰ এক মন্দিৰ চৌহদৰ ভিতৰ ভাগত থকা পুখুৰীত পৰি মৃত্যু হৈছে ১২ গৰাকী লোকৰ। ৰাম নৱমী উপলক্ষে মন্দিৰত অসংখ্য ভক্তৰ সমাগম হোৱাৰ ফলত পুখুৰীৰ কাষৰ দেৱাল ভাগি পৰাৰ পৰিণতিত এই শোকাৱহ ঘটনা সংঘটিত হয়।

ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ মন্দিৰত সংঘটিত হৈছে এই ঘটনা। প্ৰকাশিত খবৰ অনুসৰি মন্দিৰৰ দেৱাল খহি পৰাৰ ফলত প্ৰায় ৩০ গৰাকী যাত্ৰী পুখুৰীত পৰে আৰু ইয়াৰে ১২ গৰাকী লোকে প্ৰাণ হেৰুৱায়।

এই ঘটনাৰ পাছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। দলটোৱে ১৭ গৰাকী লোকক উদ্ধাৰ কৰি লগে লগে চিকিৎসাৰ বাবে কাষৰীয়া চিকিৎসালয়ত ভৰ্তি কৰে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি উদ্ধাৰ অভিযানৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলোৱা হয় বুলি মন্তব্য কৰে। প্ৰশাসনৰ তৎকালীন পদক্ষেপত দুপৰীয়াৰ ভাগত সমাপ্ত হয় উদ্ধাৰ অভিযান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি এক টুইট যোগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৌহানৰ সৈতে আলোচনা কৰি পৰিস্থিতিৰ বুজ লয় বুলি উল্লেখ কৰে।