ডিমা হাছাও জিলাক দুটা ভাগত বিভক্ত কৰি অডিমাচা খিলঞ্জীয়া জনগোষ্ঠীৰ কাৰণে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত অহা ৬ ফেব্ৰুৱাৰীত ১২ ঘণ্টীয়া ডিমা হাছাও জিলা বন্ধৰ ঘোষণা কৰা হৈছে।
পুৱা ৫ বজাৰ পৰা আবেলি ৫বজালৈকে ১২ ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান জনাইছে এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে।
উল্লেখযোগ্য যে ইণ্ডিজেনাছ পিপুলছ ফ’ৰামৰ উপৰি ইয়াৰ সহযোগী সংগঠনে যোৱা প্ৰায় এক দশক জুৰি পৃথক জিলা গঠন কৰাৰ দাবীত আন্দোলন কৰি আহিছে।
কংগ্রেছৰ তৰুণ গগৈ চৰকাৰৰ দিনত ২০০৯ চনত উপৰোক্ত জিলা গঠন সম্পৰ্কত এখন কমিটি গঠন কৰি দিয়া হৈছিল যদিও এইক্ষেত্ৰত কোনো কাম আগ নাবাঢ়িল। পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতাত অহাত পৃথক জিলা গঠনৰ কাৰণে এখন টাস্কফ’ৰ্চ গঠন কৰি দিয়া হয়।
এই টাস্কফ’ৰ্চে ইতিমধ্যে চৰকাৰক এক প্ৰতিবেদনও জমা দিছে। ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে চৰকাৰক এই প্ৰতিবেদন বাস্তবায়িত কৰাৰ দাবী জনাইছে।
১২ ঘণ্টীয়া বন্ধৰ সময়ছোৱাত স্বাস্থ্য সেৱা, পানী যোগান, গাখীৰ যোগান, বিদ্যুৎ সেৱাৰ উপৰি ব’ৰ্ড আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাক বন্ধৰ পৰা ৰেহাই দিয়া হ’ব।