আজি ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত আজি এন চি হিলছ ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধৰ ঘোষণা কৰিছে।

পুৱা ৫ বজাৰ পৰা আবেলি ৫বজালৈকে এই বন্ধ বাহাল থাকিব। অৱশ্যে এই ১২ ঘন্টীয়া বন্ধৰ সময়ছোৱাত স্বাস্থ্য সেৱা, পানী যোগান, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আদি ৰেহাই দিয়া হ’ব বুলি সংগঠনটোৱে এক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইণ্ডিজেনাছ পিপুলছ ফ’ৰামৰ উপৰি ইয়াৰ সহযোগী সংগঠনে যোৱা প্ৰায় এক দশক জুৰি পৃথক জিলা গঠন কৰাৰ দাবীত আন্দোলন কৰি আহিছে।

কংগ্রেছৰ তৰুণ গগৈ চৰকাৰৰ দিনত ২০০৯ চনত উপৰোক্ত জিলা গঠন সম্পৰ্কত এখন কমিটি গঠন কৰি দিয়া হৈছিল যদিও এইক্ষেত্ৰত কোনো কাম আগ নাবাঢ়িল।

পিছত সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতাত অহাত পৃথক জিলা গঠনৰ কাৰণে এখন টাস্কফ’ৰ্চ গঠন কৰি দিয়া হয়।এই  টাস্কফ’ৰ্চে ইতিমধ্যে চৰকাৰক এক প্ৰতিবেদনও জমা দিছে। ইণ্ডিজেনাছ পিপুলছ ফ’ৰামে চৰকাৰক এই প্ৰতিবেদন বাস্তবায়িত কৰাৰ দাবী জনাইছে।