NORTHEAST NOW (Assamese)

পুষ্টিহীনতাত ভোগা শিশুলৈ ১২ টকা, গৰুলৈ ৪০ টকাৰ সাহায্য : উত্তপ্ত মধ্যপ্ৰদেশৰ বিৰোধী ৰাজনৈতিক মহল

August 8, 2025 9:30 pm · নৰ্থ-ইষ্ট নাও
Updated: August 9, 2025 10:18 am

মধ্যপ্ৰদেশৰ অপুষ্টিকৰ শিশুৰ বাবে চৰকাৰে ধন আবণ্টন দিয়াক লৈ আৰম্ভ হৈছে তীব্ৰ বিতৰ্ক। ৰাজ্যৰ বিধানসভাত প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি পুষ্টিহীন শিশুৰ বাবে দৈনিক মাত্ৰ ৮ টকা আৰু গুৰুতৰভাৱে পুষ্টিহীন শিশুৰ বাবে ১২ টকাহে ব্যয় কৰা হৈছে। আনহাতে, চৰকাৰে গৰুৰ বাবে দৈনিক ৪০ টকা আবণ্টন দিছে। ইয়াৰ ফলত তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে।

কংগ্ৰেছৰ বিধায়ক বিক্ৰান্ত ভুৰিয়াৰ এক প্ৰশ্নৰ উত্তৰত মহিলা আৰু শিশু উন্নয়ন বিভাগে এই তথ্য প্ৰকাশ কৰে। বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰি ভুৰিয়াই কয়, “চৰকাৰে শিশুৰ বাবে ৮-১২ টকা খৰচ কৰিছে যদিও গৰুৰ খাদ্যৰ বাবে দৈনিক ৪০ টকা আবণ্টন দিয়া হৈছে। এক লিটাৰ গাখীৰৰ দাম ৭০ টকা আৰু এটা বৈঠকত বিষয়াসকলে জলপান আৰু শুকান ফলৰ বাবে হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু গুৰুতৰভাৱে অপুষ্টিকৰ শিশুক খুৱাবলৈ ব্যয় কৰা হয় মাত্ৰ ১২ টকা!”

চৰকাৰী পৰিসংখ্যা অনুসৰি ৰাজ্যত বৰ্তমান মুঠ ১.৩৬ লাখ শিশু পুষ্টিহীনতাত ভুগি আছে। ইয়াৰে ২৯,৮৩০ টা শিশু গুৰুতৰভাৱে অপুষ্টিহীনতা আৰু ১.০৬ লাখ শিশু মধ্যমীয়া অপুষ্টিহীনতাত ভুগি আছে। ৰাজ্যখনত শিশুৰ অপুষ্টিৰ হাৰ ৭.৭৯ শতাংশ, যিটো ৰাষ্ট্ৰীয় গড় ৫.৪০ শতাংশতকৈ বহু বেছি।

বিশেষকৈ জনজাতি অধ্যুষিত জিলা যেনে শ্বেওপুৰ, ধৰ, খাৰগুন, বৰৱানী, ছিণ্ডৱাৰা, বালাঘাট আদি জিলাৰ পৰিস্থিতি উদ্বেগজনক। প্রতিবেদনত উল্লেখ কৰা হৈছে যে কোনো কোনো জিলাত প্রতি চাৰিটা শিশুৰ ভিতৰত এজনে ভয়াৱহভাৱে পুষ্টিহীনতাত ভুগিছে৷

পৰিস্থিতি স্বীকাৰ কৰি ৰাজ্যখনৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী নিৰ্মলা ভুৰিয়াই কয়, “আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অতিৰিক্ত ধন বিচাৰিছো। আন ৰাজ্যসমূহেও পুষ্টি ভাট্টা বৃদ্ধিৰ বাবে বিচাৰিছে।”বিৰোধীয়ে অভিযোগ কৰিছে যে আবণ্টন বৃদ্ধি আৰু লক্ষ্য নিৰ্ধাৰণৰ ব্যৱস্থা অবিহনে বিশেষকৈ অতি দুৰ্বল জিলাসমূহত পুষ্টিহীনতা হ্ৰাস কৰাটো সম্ভৱ নহ’ব।

Related News