NORTHEAST NOW (Assamese)

মাতৃক ফাঁচিৰ নিৰ্দেশ আদালতৰ : মৃত্যুদণ্ড ৰেহাই দিবলৈ ৰাষ্ট্ৰপতিক কাতৰ আহ্বান ১২ বছৰীয়া পুত্ৰৰ

February 18, 2021 11:54 am · এন ই নাও নিউজ
Updated: February 18, 2021 11:59 am

মহিলাগকৰাকীৰ নাম শবনম। প্ৰেমিকৰ সৈতে লগ লাগি নিজ পিতৃ-মাতৃসহ ৭ জনকৈ লোকক হত্যা কৰাৰ অপৰাধত আদালতে মৃ্ত্যুদণ্ডৰ নিৰ্দেশ দিছে শবনমক।

ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়েও নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখিছে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ক্ষমা প্ৰাৰ্থনাৰ আবেদন নাকচ কৰিছে।

ইয়াৰ পিছতে শবনমৰ মৃত্যুদণ্ড দিয়াতো প্ৰায় নিশ্চিত হৈ পৰিছে। আনকি শবনমৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিবলৈ মথুৰা কাৰাগাৰৰ মহিলা ফাঁচিকাঠত প্ৰস্তুতি আৰম্ভ কৰাও হৈছে।

লগতে পঢ়ক : স্বাধীন ভাৰতত প্ৰথমগৰাকী মহিলা কয়দী ওলমিব ফাঁচীকাঠত! : মথুৰা কাৰাগাৰত প্ৰস্তুতি আৰম্ভ

মাতৃৰ মৃত্যুদণ্ড কাৰ্যকৰী হৈ উঠাতো প্ৰায় নিশ্চিত হৈ পৰাৰ পিছতে শবনমৰ ১২ বছৰীয়া পুত্ৰই মাতৃৰ জীৱনৰ ভিক্ষা মাগি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ক্ষমা কৰিবলৈ আবেদন জনাইছে।

উল্লেখ্য যে ২০০৮ চনত প্ৰেমিক ছেলিমৰ সহযোগত শবনমে শিক্ষক পিতৃ-মাতৃসহ নিজ পৰিয়ালৰে ৭ লোকক হত্যা কৰিছিল।

সেই হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত শবনম আছিল দুমহীয়া অন্তঃসত্বা। কাৰাগাৰত থকা অৱস্থাতে শবনমে এটি পুত্ৰ সন্তান জন্ম দিছিল। আৰু সেই পুত্ৰ সন্তানৰ নাম হৈছে মহম্মদ তাজ।

শবনমৰ ওচমান চেইফ নামৰ এগৰাকী বন্ধুৱে তেওঁৰ কাৰগাৰত জন্ম দিয়া পুত্ৰ তাজক প্ৰতিপালন কৰি আহিছে। পুত্ৰ তাজে জনা হোৱাৰে পৰা মাতৃৰ অপৰাধ কৰ্মৰ বাবে অনুতপ্ত হৈ আহিছে বুলি প্ৰকাশ কৰিছে ওচমান চেইফে। আৰু মাতৃৰ জীৱন ৰক্ষাৰ বাবে ৰাষ্ট্ৰপতি ওচৰত ক্ষমা দান কৰিবলৈ আবেদন কৰিছে।

ওচমানে চেইফে সংবাদ মাধ্যমক জনোৱা অনুসৰি যোৱা ২১ জানুৱাৰিত তাজে ৰামপুৰ কাৰাগাৰত মাতৃক শবনমক সাক্ষাৎ কৰিছিল আৰু মাতৃয়ে নিজ হাতেৰে প্ৰস্তুত কিছু মিঠাই পুত্ৰক উপহাৰ দিছিল।

Related News