গ্ৰেপ্তাৰ কৰা ১২০জন জে এম বি সন্ত্ৰাসবাদীৰ ভিতৰত ৫৯জনক গ্ৰেপ্তাৰ অসমত

EK94rXVWoAAxhJW

ফটো সৌজন্য: লোকসভা টিভি

বিগত পাঁচ বছৰত ভাৰতত মুঠ ১২০জন জামাত-উল-মুজাহিদীন বাংলাদেশৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৫৯জনক গ্ৰেপ্তাৰ কৰা হৈছে অসমত।

কেন্দ্ৰীয় মন্ত্ৰী জি কিষান ৰেড্ডীয়ে কালি লোকসভাত এই তথ্য সদৰী কৰিছে।

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে জেএমবি বা জামাত-উল মুজাহিদীন ইণ্ডিয়া অথবা জামাত-উল-মুজাহিদীন হিন্দুস্তান আৰু ইয়াৰ সকলো কামকাজ সন্ত্ৰাসবাদী সন্ত্ৰাসবাদী সংগঠন হিচাপে নিষিদ্ধ কৰা হৈছিল।

‘’প্ৰাপ্ত তথ্য অনুসৰি, সুৰক্ষা বাহিনীয়ে যোৱা পাঁচ বছৰত দেশত মুঠ ১২০জন জামাত-উল-মুজাহিদীন বাংলাদেশ (জেএমবি)ৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে,’’-ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত ৰেড্ডীয়ে এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰা তথ্য অনুসৰি, দেশত গ্ৰেপ্তাৰ কৰা জেএমবিৰ সন্ত্ৰাসবাদীসকলৰ ভিতৰত ৫৯জনক অসমত, ৪২জনক পশ্চিমবংগত, কেৰালা আৰু ঝাৰখণ্ডত চাৰিজনকৈ, কৰ্ণাটক আৰু তামিলনাডুত তিনিজনকৈ, উত্তৰ প্ৰদেশত দুজন তথা মধ্য প্ৰদেশ, বিহাৰ আৰু ত্ৰিপুৰাত এজনকৈ জিএমবি সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়।

মন্ত্ৰী ৰেড্ডীয়ে লগতে কয় যে সন্ত্ৰাসবাদকে ধৰি সুৰ৭আ সহযোগিতাৰ লগত সম্পৰ্কিত বিষয়টো বাংলাদেশৰ সৈতে দেশ দুখনৰ মাজত থকা দ্বিপাক্ষিক সুৰক্ষা সহযোগিতাৰ আওতাত তুলি ধৰা হৈছিল আৰু চলি থকা প্ৰক্ৰিয়াৰ মাজত সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে চোৰাংচোৱা তথ্যৰ বিনিময় কৰা হৈছিল।