NORTHEAST NOW (Assamese)

মৰ্মান্তিক পথ দুৰ্ঘটনা; বাছ আৰু অটোৰ মুখামুখি সংৰ্ঘষত ১২ গৰাকী মহিলাকে ধৰি ১৩জন নিহত

March 23, 2021 1:13 pm · এন ই নাও নিউজ
ফটো সৌজন্য: ইণ্ডিয়া টুডে।

মঙলবাৰে পুৱাই সংঘটিত হোৱা এক মৰ্মান্তিক পথ দুৰ্ঘটনাত ১৩জন লোকৰ মৃত্যু ঘটিছে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

পুৱা প্ৰায় ৭ বজাত সংঘটিত এই পথ দুৰ্ঘটনাত এখন বাছ আৰু অটো মুখামুখি সংঘৰ্ষ লিপ্ত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে অটোখনৰ আটাইকেইজন যাত্ৰী আৰু চালকজন  থিতাতে নিহত হয়।

বাতৰি অনুসৰি, অ’ল্ড ছাউনী অঞ্চলত পুৱা বাছ আৰু অটোখনৰ মুখামুখি সংঘৰ্ষ লাগে। বাছখন তীব্ৰ গতিত আহি থকাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই অটোখনত খুন্দা মৰা বুলি কোৱা হৈছে।

অটোখনত আঠগৰাকী অংগননবাড়ী কৰ্মী আছিল। দুৰ্ঘটনাটোত আটাইকেইগৰাকী মহিলাৰে মৃত্যু ঘটে।

দুৰ্ঘটনাটোত মুঠ ১৩গৰাকী লোকৰ মৃত্যু ঘটিছে আৰু ইয়াৰে ১২ গৰাকীয়েই মহিলা। বাকী আহতসকলক হাস্পাতলত ভৰ্তি কৰোৱা হৈছে।

ৰাজ্য চৰকাৰে নিহতসকলৰ পৰিয়াললৈ ৪লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।

Related News