হেঁপাহৰ ব’হাগক মনে প্ৰাণে আদৰিবলৈ সাজু পাঠশালা ৰঙালী বিহু সন্মিলনী

pathsala bihu

ফাগুন মাহ শেষ হওঁ হোওঁ। আৰু কেইটামান দিন গ’লেই আহিব চ’ত মাহ। চ’ত অহা মানে জানো ব’হাগ দূৰত থাকিব পাৰে?গছেও-পাতে, কুলিৰ মাতে ব’হাগ যে আৰু দূৰত নাই তাক জনাবলৈ আৰম্ভ কৰিছে। সেয়েহে চ’ত আহাৰ পূৰ্ব-প্ৰস্তুতিতেই ব’হাগৰ আগমণি বতৰা লাভ কৰিছে অসমীয়াই। হয়, ব’হাগ মাহ আহিবলৈ আৰু বেছি দিন নাই। সেয়েহে বাপোতি সাহোন, হেঁপাহৰ ব’হাগৰ বিহুটিক আদৰাৰ বাবে মনে প্ৰাণে সাজু হৈ উঠিছে অসমীয়া।

পাঠশালাতো ৰঙালী বিহুক আদৰাৰ পূৰ্ব-প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। পাঠশালাৰ ঐতিহ্য-মণ্ডিত ৰঙালী বিহু সন্মিলনীয়ে অহা ব’হাগ মাহৰ ১,৮ আৰু ৯ ব’হাগত (১৫,২২ আৰু ২৩ এপ্ৰিল) তিনি দিনীয়া কাৰ্যসূচীৰে ৩৮ সংখ্যক ‘পাঠশালা ৰঙালী বিহু’ উদযাপন কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত এই অনুষ্ঠানটো ঐয়োজন কৰিব আয়োজক কমিটীয়ে।

অলপতে পাঠশালাৰ আজাদ ভৱনত এই বিষয়ত এখন সভা অনুষ্ঠিত হৈ যায়।

এই সভাত পৰাগ বৰ্মনক সভাপতি, দিগন্ত তালুকদাৰ আৰু ঋতুপৰ্ণ চৌধুৰীক যুটীয়া সচীব হিচাপে লৈ এখন কমিটী গঠন কৰা হয়।

উদ্যোক্তাসকলৰ তৰফৰ পৰা জনোৱা হৈছে যে এপ্ৰিল মাহৰ ১৫ তাৰিখে (১ ব’হাগত) বিহুৰ পতাকা উত্তোলন আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে বিহু উৎসৱ উদযাপনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।

উদ্যোক্তাসকলে আৰু জনাইছে যে ৰাজ্যিক পৰ্যায়ৰ বিহু নৃত্য প্ৰতিযোগিতা অহা ২২ এপ্ৰিলৰ(৮ ব’হাগ) আবেলিৰ পৰা আৰম্ভ কৰা হ’ব।

২৩ এপ্ৰিলত (৯ ব’হাগ)অসমৰ যুৱ প্ৰজন্মৰ হৃদ-স্পন্দন জুবিন গাৰ্গসহ বহুতো শিল্পীয়ে সংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।

উল্লেখ্য যে অসমীয়ৰ ‘আয়ুসৰেখা’ ৰঙালী বিহুৰ মূল আকৰ্ষণ ‘বিহু নাচ’ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰাৰ এটা দস্তুৰ অতীজৰে আজিকোপতি পৰা চলি আহিছে।