ওদালগুৰিত বন বিভাগে উদ্ধাৰ কৰিলে ১৪ ফুট দীঘল অজগৰ

Python rescued

প্ৰতিনিধিত্বমূলক চিত্ৰ

ওদালগুৰি জিলাৰ নলখামাৰা গাঁৱত দেওবাৰে নিশা ১৪ ফুট দীঘল আৰু প্ৰায় ২১ কেজি ওজনৰ এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়। ওদালগুৰি আৰক্ষী তথা ধনশিৰি বন উপ-সংমণ্ডলৰ এটা দলে বহু প্ৰচেষ্টাৰ অন্তত স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰে।

জানিব পৰা মতে, কালি নিশা গাঁওখনৰ এটা পৰিয়ালৰ ঘৰৰ সমীপৰে নলা এটাত প্ৰকাণ্ড অজগৰডাল স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজে ওদালগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষী আৰু ধনশিৰি বন উপ-সংমণ্ডলৰ বিষয়া মৃন্ময় হাজৰিকাৰ নেতৃত্বত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

ইয়াৰ পাছতে বন বিভাগৰ দলটোৱে স্থানীয় লোকৰ সহযোগত বহু সময় ধৰি কৰা প্ৰচেষ্টাৰ অন্তত নিশা প্ৰায় ৯.৪০ বজাত অজগৰটো উদ্ধাৰ কৰে। ইফালে অজগৰ উদ্ধাৰৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজগৰ প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় বহু লোক।

উল্লেখযোগ্য যে ধনশিৰি বন উপ-সংমণ্ডলৰ কাৰ্যালয়তে নিশা অজগৰটি ৰাখি থয় আৰু আজি ৰাতিপুৱা অজগৰটোৰ স্বাস্থ্য পৰীক্ষা কৰি বৰনদ্দী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।