অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়ালৈ ৰাষ্ট্ৰপতি পদক

কাইলৈ অৰ্থাৎ ২৬ জানুৱাৰি, গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতি পদক। বিশেষ সেৱাৰ বাবে আৰক্ষী মহাপৰিদৰ্শক দেৱৰাজ উপাধ্যায়ক আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি পদক।

তাৰোপৰি আন ১৪ গৰাকী আৰক্ষী বিষয়াক পাৰদৰ্শিতাৰ বাবে আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতি পদক। এই ১৪ গৰাকী আৰক্ষী বিষয়া হ’ল ক্ৰমে বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ইমদাদুল হুছেইন বৰা, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক মহেশ চন্দ্ৰ শৰ্মা, জামুগুৰিহাটৰ ১২ সংখ্যক এ পি বি এনৰ কমাণ্ডেণ্ট কুমাৰ ৰঞ্জিত কৃষ্ণ, ডিমা হাছাওৰ আৰক্ষী অধীক্ষক প্ৰাশান্ত শইকীয়া, নলবাৰীৰ এ এছ আই সুৰেশ শৰ্মা, এ এছ আই ভৱেশ নাথ, লিগিৰিপুখুৰীৰ প্ৰথম এ পি বি এনৰ হাবিলদাৰ পদ্মধৰ দাস, হাইলাকান্দিৰ হাবিলদাৰ নীতিশ ৰঞ্জন নাথ, চতুৰ্থ এ পি বি এনৰ হাবিলদাৰ হেমন্ত চন্দ্ৰ ৰায়, ডিব্ৰুগড় LNK(AB)-179ৰ ফণীধৰ মোহন, তিনিচুকীয়াৰ WPC(UB)-342ৰ চখিনা গগৈ, বঙাইগাঁৱৰ UBC-146ৰ লোহিত চন্দ্ৰ ৰায়, তিনিচুকীয়াৰ WPC(AB)-81ৰ কৌশল্যা দাউলাগপু আৰু তিনিচুকীয়াৰ WPC(AB)-28ৰ ইৰামণি বৰুৱা।

গণৰাজ্য দিৱসৰ দিনা অসম আৰক্ষীৰ এই ১৫ গৰাকী বিষয়াক ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হ’ব।