মীৰাট চহৰৰ জনবহুল এলেকাত ১৫০ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা এটা মছজিদ ভাঙি পেলোৱা হৈছে। মছজিদটো দিল্লী-মীৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি এছ)ৰ পথত থকা বাবেই স্থানীয় প্ৰশাসনে ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে।
জানিব পৰা মতে, শুকুৰবাৰে মছজিদৰ মূল দ্বাৰ ভাঙি পেলোৱা হৈছে।
মীৰাটৰ অতিৰিক্ত জিলা দণ্ডাধীশ ব্রিজেশ কুমাৰ সিঙে কয় যে দিল্লী-মীৰাট পথটো ৰাজহুৱা কাম-কাজ বিভাগৰ (পি ডব্লিউ ডি) অধীনত পৰে৷
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমে পথৰ কাষত মছজিদটো থিয় হৈ থকা ঠাইতে দিল্লী-মীৰাট-গাজিয়াবাদ আৰ আৰ টি এছ কৰিডৰ নিৰ্মাণ কৰি আছে।
দুয়োটা বিভাগে মছজিদটো আঁতৰাই পেলাবলৈ অনুৰোধ জনাইছিল৷
সিঙে কয় যে তেওঁলোকে মছজিদ সমিতিৰ সৈতে ক্ষতিপূৰণৰ বিষয়ে আলোচনা কৰিছে আৰু কোনো বিৰোধিতাৰ সন্মুখীন হোৱা নাই।
মছজিদ সমিতিৰ সদস্য মহম্মদ ৱাছিম খানে কয় যে ১৮৫৭ চনত নিৰ্মাণ কৰা এই মছজিদটোৱে তেতিয়াৰ পৰাই স্থানীয় সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে।
এনচিআৰটিচিৰ বিষয়াসকলে পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে মছজিদটো নভঙাকৈ আৰআৰটিএছৰ পথ সলনি কৰা হ’ব। অৱশ্যে কিছুদিন পূৰ্বে জিলা প্ৰশাসনে পি ডব্লিউ ডিক মছজিদটো ভাঙিবলৈ নিৰ্দেশ দিছিল।
দুদিন পূৰ্বে বিষয়াসকলে মছজিদ কমিটীক কয় যে হয় নিজেই মছজিদ ভাঙি পেলাওক নহয় বলপূৰ্বক ভাঙি পেলোৱা হ’ব। অৱশ্যে এই পৰ্যন্ত কমিটীয়ে কোনো লিখিত জাননী পোৱা নাই।
ৱাছিমে খানে কয় যে তেওঁলোকে কেৱল ন্যায্য ক্ষতিপূৰণ বিচাৰে। নতুন মছজিদ নিৰ্মাণৰ বাবে ভূমি আৰু আৰ্থিক সাহাৰ্য বিচাৰিছে ৱাছিম খানে।
উল্লেখ্য যে ১৯৮১ চনত মছজিদটোৰ বিৰুদ্ধে আইনী গোচৰ ৰুজু কৰা হৈছিল। যাৰ ফলত মছজিদটো সাময়িকভাৱে বন্ধ হৈ পৰিছিল। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ অন্তত মছজিদটো পুনৰ মুকলি কৰা হয় আৰু শেহতীয়াকৈ ভাঙি পেলোৱাৰ নিৰ্দেশলৈকে কাৰ্যক্ষম হৈ থাকে।