NORTHEAST NOW (Assamese)

আৰ আৰ টি এছ প্ৰকল্প স্থাপনৰ বাবে ভাঙি পেলোৱা হ’ল মীৰাটৰ ১৫০ বছৰ পুৰণি মছজিদ ‎

February 22, 2025 11:24 am · এন ই নাও নিউজ, গুৱাহাটী

মীৰাট চহৰৰ জনবহুল এলেকাত ১৫০ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা এটা মছজিদ ‎ভাঙি পেলোৱা হৈছে। মছজিদটো দিল্লী-মীৰাট আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম (আৰ আৰ টি ‎এছ)ৰ পথত থকা বাবেই স্থানীয় প্ৰশাসনে ভাঙি পেলোৱাৰ নিৰ্দেশ দিছে। ‎

জানিব পৰা মতে, শুকুৰবাৰে মছজিদৰ মূল দ্বাৰ ভাঙি পেলোৱা হৈছে।

মীৰাটৰ অতিৰিক্ত জিলা দণ্ডাধীশ ব্রিজেশ কুমাৰ সিঙে কয় যে দিল্লী-মীৰাট পথটো ৰাজহুৱা কাম-‎কাজ বিভাগৰ (পি ডব্লিউ ডি) অধীনত পৰে৷ ‎

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিবহণ নিগমে পথৰ কাষত মছজিদটো থিয় হৈ থকা ঠাইতে দিল্লী-‎মীৰাট-গাজিয়াবাদ আৰ আৰ টি এছ কৰিডৰ নিৰ্মাণ কৰি আছে। ‎

দুয়োটা বিভাগে মছজিদটো আঁতৰাই পেলাবলৈ অনুৰোধ জনাইছিল৷ ‎

সিঙে কয় যে তেওঁলোকে মছজিদ সমিতিৰ সৈতে ক্ষতিপূৰণৰ বিষয়ে আলোচনা কৰিছে আৰু ‎কোনো বিৰোধিতাৰ সন্মুখীন হোৱা নাই।

মছজিদ সমিতিৰ সদস্য মহম্মদ ৱাছিম খানে কয় যে ১৮৫৭ চনত নিৰ্মাণ কৰা এই মছজিদটোৱে ‎তেতিয়াৰ পৰাই স্থানীয় সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে। ‎

এনচিআৰটিচিৰ বিষয়াসকলে পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে মছজিদটো নভঙাকৈ আৰআৰটিএছৰ ‎পথ সলনি কৰা হ’ব। অৱশ্যে কিছুদিন পূৰ্বে জিলা প্ৰশাসনে পি ডব্লিউ ডিক মছজিদটো ‎ভাঙিবলৈ নিৰ্দেশ দিছিল। ‎

দুদিন পূৰ্বে বিষয়াসকলে মছজিদ কমিটীক কয় যে হয় নিজেই মছজিদ ভাঙি পেলাওক নহয় ‎বলপূৰ্বক ভাঙি পেলোৱা হ’ব। অৱশ্যে এই পৰ্যন্ত কমিটীয়ে কোনো লিখিত জাননী পোৱা নাই। ‎

ৱাছিমে খানে কয় যে তেওঁলোকে কেৱল ন্যায্য ক্ষতিপূৰণ বিচাৰে। নতুন মছজিদ নিৰ্মাণৰ বাবে ‎ভূমি আৰু আৰ্থিক সাহাৰ্য বিচাৰিছে ৱাছিম খানে।

উল্লেখ্য যে ১৯৮১ চনত মছজিদটোৰ বিৰুদ্ধে আইনী গোচৰ ৰুজু কৰা হৈছিল। যাৰ ফলত ‎মছজিদটো সাময়িকভাৱে বন্ধ হৈ পৰিছিল। উচ্চতম ন্যায়ালয়ত আইনী যুঁজৰ অন্তত মছজিদটো ‎পুনৰ মুকলি কৰা হয় আৰু শেহতীয়াকৈ ভাঙি পেলোৱাৰ নিৰ্দেশলৈকে কাৰ্যক্ষম হৈ থাকে।

Related News