• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য মন্ত্ৰী : চলিত মাহতে ৰাজ্যত সৰ্বমুঠ ১৫৯ টা নৱজাতকৰ মৃত্যু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 29, 2018 7:10 pm
5c1419cb-2c18-4152-8ec3-ff51d3f06ad2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুম্ভকৰ্ণ নিদ্ৰাত আছে কংগ্ৰেছৰ শাসন কালৰে পৰা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ‘দক্ষ’ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰে কাৰ্য্যকালত চলিত মাহত যোৰহাট আৰু কামৰূপ মেট্ৰ’ জিলাত ৮১ টাকৈ নৱজাতকে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে ৰাজ্যত সৰ্বমুঠ ১৫৯ টা নৱজাতকে মৃত্যুক সাবটি লৈছে।

উল্লেখ্য যে, যোৱা ১৭ নৱেম্বৰৰ দিনা নৰ্থ ইষ্ট নাওৱে বাতৰি যুগুত কৰা সময়লৈকে ৬৮ টা নৱজাতকে মৃত্যুক সাবটি লৈছিল, তাৰ বিপৰীতে বিগত ১১ দিনৰ ভিতৰত ইয়াৰ সংখ্যা বৃদ্ধি পাইছে ১৫৯ টালৈ।

বাতৰি কাকত আৰু টেলিভিশ্বনত বিজ্ঞাপনৰ জৰিয়তে চমক সৃষ্টি কৰা দক্ষ মন্ত্ৰীৰ বিভাগতে চলিত মাহত যোৰহাট জিলাত মৃত্যুক সাবটি লৈছে ৪৭ টা কৈ নৱজাতকে। লগতে কালি আৰু আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাবটি লৈছে ৪ টাকৈ নৱজাতক আৰু দুগৰাকীকৈ প্ৰসূতিয়ে।

ইপিনে, কামৰূপ (মেট্ৰ’)ত চলিত মাহত ৩৪ টাকৈ নৱজাতকে মৃত্যুক সাবটি লৈছে।

অৱশ্যেই, এয়া আমি মনে সাজি দিয়া তথ্য নহয়, এনএইচআৰএমৰ চৰকাৰী ৱেবছাইটতে এই তথ্য প্ৰকাশ পাইছে।

0491a685-b85e-4f1e-b424-a3c219f99959
এন আৰ এইচ এমৰ ৱেবছাইটত প্ৰকাশ পোৱা তথ্য।

মন কৰিবলগীয়া কথা যে, চলিত মাহত বৰপেটাত ১ টা, ধেমাজি জিলাত ১৬ টা, গোৱালপাৰাত ১৩ টা, গোলাঘাটত ১৫ টা, যোৰহাটত ৪৭ টা, কৰিমগঞ্জত ৪টা, লখিমপুৰত ১৩ টা, নলবাৰীত ৮ টা, বাক্সা ১ টা, দৰং জিলাত ২ টা, কৰিমগঞ্জত ৪ টা, কোকৰাঝাৰ ৫ টা নৱজাতকে মৃত্যুক সাৱটি লোৱা দেখুওৱা হৈছে ৱেবছাইটটোত।

তাৎপৰ্য্যপূৰ্ণভাৱে, নিজৰ ব্যৰ্থতা ঢাকিবলৈ চেষ্টা কৰা স্বাস্থ্য বিভাগে ৰাজ্যখনত চলিত মাহৰ ১০ তাৰিখলৈকে মুঠ ১৪ টা নৱজাতকেহে মৃত্যুক সাৱটি লোৱা বুলি দেখুৱাইছিল যদিও ১৭ নৱেম্বৰত প্ৰকাশ কৰা তথ্যত ৬৮ লৈকে এই সংখ্যা বৃদ্ধি পাইছিল। ২৯ নৱেম্বৰত প্ৰকাশ পোৱা তথ্যত ইয়াৰ হাৰ বৃদ্ধি পাই ৰাজ্যখনত সৰ্বমুঠ ১৫৯ টা নৱজাতকে চলিত মাহত মৃত্যুক সাবটি লৈছে। অৰ্থ্যাৎ বিগত ১১ দিনত ৰাজ্যত মৃত্যু হৈছে ৯১ টা নৱজাতকে।

ইপিনে, যোৱা ১৭ নৱেম্বৰলৈকে ৰাজ্যখনত বিগত ৮ মাহত ৩৬৮৩ টা নৱজাতকে মৃত্যুক সাবটি লৈছিল যদিও বিগত ১১ দিনত এই সংখ্যা হ’লগৈ ৩৮৪২ টা। তদুপৰি উক্ত দিনটোলৈকে ৫০৭ গৰাকী প্ৰসূতিয়ে মৃত্যুক সাবটি লৈছিল। তাৰ বিপৰীতে আজিৰ দিনত এই সংখ্যা ৫৩৭ গৰাকী। অৰ্থ্যাৎ ৰাজ্যত বিগত ১১ দিনত মৃত্যুমুখত পৰিছে ৩০ গৰাকী প্ৰসূতি।

প্ৰণিধানযোগ্য যে, এনএইছআৰএমৰ চৰকাৰী ৱেবছাইটৰ তথ্যই উদঙাই দিছে স্বাস্থ্য বিভাগৰ সোপাঢিলা নীতি তথা প্ৰকৃত ফোপোলা স্বৰূপ। তাৰ পাছতো এই কথাত কোনো কেৰেপ নকৰি কুম্ভকৰ্ণ নিদ্ৰাত স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মা। বৰঞ্চ স্বাস্থ্য মন্ত্ৰীগৰাকী পঞ্চায়তৰ নিৰ্বাচনী সভাত ব্যস্ত হৈ পৰাৰ লগতে এজনৰ পাছত আন এজন অগপ তথা অন্য দলৰ নেতাক সমালোচনা কৰি গৈছে।

দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ লগতে ৰাজ্যৰ অন্যান্য দল-সংগঠনে সৰ্বাধিক হাৰত নৱজাতক-প্ৰসূতিৰ মৃত্যুৰ বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছিল যদিও উক্ত অভিযোগক লৈ ডেমকেয়াৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়াকৈ এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক জ্যেষ্ঠ মুখপাত্ৰ মুকুল শৰ্মাই। বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যালয়ত শৰ্মাই সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘’এনেধৰণে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৱে এক অভিলেখৰ সৃষ্টি কৰিছে। এইধৰণৰ মৃত্যুৱে সৰ্বকালৰ সীমা অতিক্ৰম কৰিছে।‘’

‘‘হিমন্ত বিশ্ব শৰ্মাৰ অধীনত থকা বিভাগসমূহ কাৰ পৰিচালনাৰে পৰিচালিত হয়, অথবা তেওঁৰ বিভাগত সংঘটিত এনেধৰণৰ ঘটনাই ৰাজ্যখনক কোন দিশলৈ লৈ যাব সেই কথা তেওঁ আৰু ভগবানেহে জানে,‘’ এইদৰে কয় মুখপাত্ৰ শৰ্মাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd