সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

opposition boycott president address

কৃষি আইন বাতিলৰ বাবে চৰকাৰৰ ওপৰত চাপ সৃষ্টিৰ লক্ষ্যৰে বিৰোধীসকলে নতুন উপায় গ্ৰহণ কৰিছে।

কংগ্ৰেছ নেতা গোলাম নবী আজাদে জানিবলৈ দিছে যে ১৬টাকৈ বিৰোধী দলে একেলগে সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিব।

ৰাজ্যসভাৰ বিৰোধী নেতাগৰাকীয়ে গণৰাজ্য দিৱসত দিল্লীত সংঘটিত হিংসাত চৰকাৰৰ কি ভূমিকা আছিল তাক লৈ তদন্তৰ দাবী জনাইছে।

কংগ্ৰেছে বুধবাৰে দাবী কৰিছিল যে দিল্লী যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আওতাত পৰে, সেয়েহে ইয়াৰ দায়িত্ব অমিত শ্বাহে ল’ব লাগিব।

কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াই অমিত শ্বাহক বৰ্খাস্ত কৰা উচিত।

চৰকাৰে কৃষক আন্দোলনক দুৰ্বল কৰাৰ বাবেই  এচাম বিক্ষোভকাৰীৰ সৈতে ষড়যন্ত্ৰ কৰা বুলি কংগ্ৰেছে দাবী কৰে। তাৰ ফলতেই লালকিল্লাত ধৰ্মীয় পতাকা উৰিছে বুলিও দলটোৱে কয়।

বিৰোধী নেতা গোলাম নবী আজাদে কয় যে চৰকাৰে সংসদত কৃষি আইনক লৈ ঠিকমতে আলোচনা কৰাৰ সুযোগ নিদিলে। তাৰ পূৰ্বেই বলপূৰ্বকভাৱে বিধেয়ককেইখন গৃহীত কৰি নিয়া হয়। তাৰ বিপক্ষেই তেওঁলোকে প্ৰতিবাদ কৰিব।

বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদৰ যৌথ অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাষণ ৰখাৰ কথা। কিন্তু তাত বিৰোধীসকল উপস্থিত নাথাকিব।

আগন্তুক বাজেট অধিৱেশনত কৃষি আইনক লৈ লোকসভা আৰু ৰাজ্যসভা উত্তাল হৈ পৰা সম্ভাৱনা আছে।