পাপ মোচৰ বাবে আন্তঃসত্ত্বা দলিত কিশোৰীক হত্যা কৰি নদীত উতুৱাই দিলে পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে

‌deadbody

উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণ কাণ্ডই দেশজুৰি সৃষ্টি কৰা কঁপনি মাৰ নৌযাওতে পুনৰ ৰাজ্যখনৰ আন এক লোমহৰ্ষক হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যোগীৰাজ্যত।

যোগী আদিত্যনাথৰ শাসিত ৰাজ্যখনত এইবাৰ এগৰাকী দলিত আন্তঃসত্ত্বা কিশোৰীক নিজ পিতৃ আৰু জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰাৰ খবৰ আহিছে।

ঘটনাৰ বিৱৰণীৰ অনুসৰি যোগীৰাজ্যৰ চাহজাহানপুৰ জিলাৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা নিখোজ হৈ আছিল।

কিশোৰী গৰাকী নিখোজ হোৱাৰ খবৰ পাই স্থানীয় আৰক্ষীয়ে বিচাৰ খোচাৰ আৰম্ভ কৰোতেই সমগ্ৰ কাণ্ডটো পোহৰলৈ আহে।

জানিব পৰা মতে কোনোদিন স্কুললৈ প্ৰেৰণ নকৰা কিশোৰী গৰাকীক এজন আত্মীয় ঘৰত ৰাখিছিল পিতৃয়ে।

আত্মীয় ঘৰত থকা অৱস্থাতে কিশোৰী গৰাকীয়ে গৰ্ভধাৰণ কৰে। কিশোৰী গৰাকীৰ শৰীৰত গৰ্ভধাৰণৰ উপসৰ্গ ফুটি উঠাৰ পিছত পৰিয়াল লোকে এই বিষয়ে প্ৰশ্ন কৰে যদিও কোনো সুদুত্তৰ লাভ নকৰিলে কিশোৰী গৰাকীৰ পৰা।

কোনো সুদুত্তৰ নেপায় পৰিয়ালৰ লোকে ধৰ্ষণৰ বলি হৈ আন্তঃসত্ত্বা হোৱাৰ সন্দেহ কৰে কিশোৰী গৰাকীক।

ইফালে পৰিয়ালৰ লোকে লোকলজ্জাৰ ভয়ত সমাজ তথা লোকচক্ষুৰ পৰা সমগ্ৰ ঘটনাক্ৰম লুকুৱাই ৰাখে যদিও কিশোৰী গৰাকীৰ শৰীৰৰ গৰ্ভধাৰণৰ উপসৰ্গ স্থানীয় লোকৰ চকুত ধৰা পৰে।

ইয়াৰ পিছতে দলিত কিশোৰী গৰাকীৰ পিতৃয়ে নিজ পুত্ৰৰ সহযোগত নিজ কন্যাক হত্যা কৰে বুলি জানিবলৈ দিছে চাহজানপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আনন্দে।

আৰক্ষীৰ সূত্ৰৰ মতে কিশোৰী গৰাকীক মাৰধৰ কৰাৰ পিছত শ্বাসৰুদ্ধ কৰি হত্যা কৰা হয়। ইয়াৰ পিছতে প্ৰমাণ নষ্ট কৰিবলৈ কিশোৰী গৰাকীক শিৰচ্ছেদ কৰি নদীত উতুৱাই দিয়ে। আৰক্ষীয়ে নদীৰ এটা চৰৰ পৰা কিশোৰী গৰাকী খণ্ডিত মৃতদেহটো উদ্ধাৰ কৰিছে।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা) আৰু ২০১(প্ৰমাণ নষ্ট কৰাৰ চেষ্টা) ধাৰাত গোচৰ ৰুজু কৰি কিশোৰী গৰাকীৰ পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে অভিযুক্ত কিশোৰী গৰাকীৰ জ্যেষ্ঠ ভাতৃ গৰাকী এতিয়াও পলাতক বুলি জানিলৈ দিছে আৰক্ষীয়ে।