চলিত মাহত নেপালৰ নৱনিৰ্বাচিত চৰকাৰৰ সৈতে ভাৰত চৰকাৰে এলানি আলোচনাত মিলিত হৈ ৬৪৮০ মেগাৱাটৰ পাঞ্চেশ্বৰ বহুমুখী জলবিদ্যুৎ প্ৰকল্প এটা স্থাপন কৰাৰ ওপৰত আলোচনা কৰিব।
জল সম্পদ মন্ত্ৰ্যালয়ৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্ৰকাশিত হোৱা বাতৰি অনুসৰি চলিত মাহৰ ২৫ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু নেপাল উভয় দেশৰেসদস্য থকা পাঞ্চেশ্বৰ উন্নয়ন প্ৰাধিকৰণৰ পৰিচালনা সমিতিৰ সভাখন অনুষ্ঠিত হ’ব। তাৰ পাছৰ মাহত বিশেষজ্ঞ কমিটীৰ সভা এখন অনুষ্ঠিত হোৱাৰ কথা।
পাঞ্চেশ্বৰ উন্নয়ন প্ৰাধিকৰণৰ সভাখনত ভাৰতক প্ৰতিনিধিত্ব কৰা সঁজাতি দলটোক নেতৃত্ব দিছে জলসম্পদ মন্ত্ৰ্যালয়ৰ সচিব ইউ পি সিঙে আনহাতে বিশেষজ্ঞ গোটটোক নেতৃত্ব দিব কেন্দ্ৰীয় জল আয়োগৰ চেয়াৰমেন মাকছুদ হুছেইনে। পৰিচালনা সমিতিৰ সভাখন কাঠমাণ্ডুত অনুষ্ঠিত হ’ব আৰু বিশেষজ্ঞ কমিটীৰ স্থান এতিয়াও নিশ্চিত হোৱা নাই।
বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে যে এই দুয়োখন সভাত পানী ভগোৱাৰ উপকাৰ সন্দৰ্ভত আলোচনা কৰা হ’ব।
উল্লেখ্য যে ভাৰত আৰু নেপালৰ মাজত ১৯৯৬ চনত সম্পন্ন হোৱা মহাকালী চুক্তি অনুসৰি পাঞ্চেশ্বৰ বহুমুখী আঁচনিৰ ধাৰণাটো গঢ় লৈ উঠিছিল। ২০১৪ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপাল ভ্ৰমণ কৰাৰ পাচত এই ধাৰণাটোৱে এটা প্ৰেৰণা লাভ কৰে আৰু ফলস্বৰূপে প্ৰকল্পটো নিশ্চিত কৰাৰ বাবে পাঞ্চেশ্বৰ উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হয়।
জল সম্পদ মন্ত্ৰ্যালয়ৰ বিষয়াজনে জনাইছে যে এই পৰ্যন্ত পৰিচালনা সমিতিৰ পাঁচখন সভা অনুষ্ঠিত হৈ গৈছে আৰু শেষৰ অনুষ্ঠিত হৈছিল ৮মাহ পূৰ্বে।
২০১৬ৰ নৱেম্বৰতপাঞ্চেশ্বৰ উন্নয়ন প্ৰাধিকৰণ আৰু দুয়োখন চৰকাৰৰ ওচৰত পাঞ্চেশ্বৰ বহুমুখী আঁচনিৰ বিতং প্ৰতিৱেদন দাখিল কৰা হৈছিল।
বিষয়াসকলে প্ৰকাশ কৰিছে যে পাঞ্চেশ্বৰ জলবিদ্যুৎ প্ৰকল্প আৰু বহুমুখী আঁচনি বাস্তৱায়িত কৰাৰ বাবে আনুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়া পুনৰাই আৰম্ভ কৰাৰ পূৰ্বে নতুন চৰকাৰ নেপালত সুস্থিৰ হোৱাৰ বাবে অপেক্ষা কৰি আছে ভাৰতে।