ইম্ফলত কথক উৎসৱ উদ্বোধন কৰিলে মণিপুৰৰ ৰাজ্যপালে

মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাই কালি ইম্ফলৰ পেলেচ গেইটত মণিপুৰ ফিল্ম ডেৱেলপমেণ্ট ছ’চাইটিৰ প্ৰেক্ষাগৃহত আয়োজিত দুদিনীয়া কথক উৎসৱ উদ্বোধন কৰে। উৎসৱটো নতুন দিল্লীৰ কথক কেন্দ্ৰই মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নেহৰু মণিপুৰ ডান্স একাডেমিৰ সহযোগত অনুষ্ঠিত কৰিছে। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত এই উৎসৱটোৱে কথক নৃত্যৰ স্থানীয় শিল্পীসকলক উৎসাহিত কৰিব বুলি মন্তব্য কৰে। তেওঁলোকৰ বাবে এইটো সঠিক উৎসৱ বুলিও তেওঁ অভিহিত কৰে। এই উৎসৱত হোৱা নৃত্য পৰিৱেশন, আলোচনা সভা, বক্তৃতা আদিয়ে এই পৰিৱেশ্য কলাটোৰ কিংবদন্তি শিল্পীসকল আৰু নৃত্যপ্ৰেমী, নৃত্যৰসিক তথা নৃত্য বিশাৰদসকলক একলগ হোৱাৰ সুযোগ দিব বুলি ৰাজ্যপালগৰাকীয়ে নিজৰ উদ্বোধনী ভাষণত উল্লেখ কৰে। উল্লেখযোগ্য যে কথক নৃত্য উত্তৰ ভাৰতৰ এটা জনপ্ৰিয় লোকনৃত্য, যিটো ভাৰতৰ স্বীকৃত আঠটা ধ্ৰুপদী নৃত্যৰ অন্যতম। ভক্তি আন্দোলনৰ সময়ছোৱাত এই নৃত্যই জনপ্ৰিয়তা পায়। বিশেষকৈ শ্ৰীকৃষ্ণৰ শৈশৱৰ কাহিনী আৰু আন আন কিংবদন্তিমূূলক কাহিনীবোৰ নৃত্য-গীতৰ মাজেৰে প্ৰচাৰ কৰা লোকসকলেই (কথক) ইয়াৰ জন্মদাতা। অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰখ্যাত কথন নৃত্যৰ শিল্পী কমলিনী অস্থানাই কয় যে তেওঁ যেতিয়াই ইম্ফললৈ আহে তেতিয়াও ইয়াত কিবা নহয় কিবা নতুনত্ব দেখা পায়। তেওঁ লগতে কয় যে এই ধৰণৰ উৎসৱৰ মাজেৰে তেওঁলোকে মণিপুৰৰ সৈতে ভাতৃত্ববোধ অধিক দৃঢ় কৰিব পাৰে।