কোকৰাঝাৰত এন ডি এফ বিৰ কেডাৰক গ্ৰেপ্তাৰ

ধৃত এন ডি এফ বিৰ কেডাৰ দুজন।

বুধবাৰে কাহিলি পুৱাতেই কোকৰাঝাৰ জিলাত নিৰাপত্তা বাহিনীয়ে এন ডি এফ বিৰ সংবিজিত গোটৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে। চোৰাংচোৱাৰ এক সূত্ৰৰ পম খেদি চলোৱা যুটীয়া অভিযানৰ সময়ত কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনা বাহিনীৰ ৩ নং ৰাজপুত ৰেজিমেণ্ট উগ্ৰপন্থী দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত উগ্ৰপন্থী দুজনক জিলাখনৰ চেৰফাংগুৰিৰ ক্ৰমে কনজিৎ বসুমতাৰী (২৩) আৰু চমকেৰ বসুমতাৰী (২৩) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকে সেনা-আৰক্ষীৰ দলটোৰ সন্মুখীন হোৱাত আত্মসমৰ্পণ কৰে। তেওঁলোকৰ পৰা সেনা-আৰক্ষীৰ দলটোৱে এটা পিষ্টল, এটা ৰিভল্ভাৰ, ন ৰাউণ্ড গুলী আৰু ১৪০০ টকাৰ লগতে দুটা ম’বাইল জব্দ কৰে। জানিব পৰামতে কনজিৎ ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত আৰু অলপতে ভাৰতত প্ৰৱেশ কৰিছিল। আনহাতে চমকেৰ বসুমতাৰী সংগঠনটোৰ অ’ভাৰগ্ৰাউণ্ড কৰ্মী আছিল আৰু তেওঁ ৰচদ যোগান, কেডাৰ ভৰ্তি কৰা, ধন দাবী আদি কামৰ দায়িত্বত আছিল।