NORTHEAST NOW (Assamese)

‘মাটন চুপ’ত চাউল ওলোৱাৰ বাবেই ৱেইটাৰক হত্যা কৰিলে গ্ৰাহক: আহত আন দুই কৰ্মচাৰী

November 17, 2022 6:47 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 17, 2022 12:45 am

যোৱা নিশা মহাৰাষ্ট্ৰৰ পুনেৰ এখন হোটেলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুনেৰ পিম্পল সৌদাগৰ নামৰ এক অঞ্চলস্থিত এখন হোটেলৰ এগৰাকী ৱেইটাৰক হত্যা কৰিছে দুগৰাকী গ্ৰাহকে।

ঘটনা সন্দৰ্ভত প্ৰকাশিত খবৰ অনুসৰি গ্ৰাহক দুগৰাকীয়ে হোটেলখনত খাবলৈ লোৱা ‘মাটন চুপ’ত চাউল ওলোৱাৰ বাবেই হোটেলখনৰ কৰ্মচাৰীসকলক শাৰীৰিক আক্ৰমণ কৰে।

এই আক্ৰমণত হোটেলখনত ৱেইটাৰ হিচাপে কাম কৰা ১৯ বৰ্ষীয় এগৰাকী যুৱকৰ মৃত্যু হয়। আনহাতে হোটেলখনৰ দুগৰাকী কৰ্মচাৰীও এই আক্ৰমণত আহত হয়।

স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, নিহত যুৱকগৰাকীক মংগেশ পোষ্টে বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আক্ৰমণকাৰী এগৰাকী অভিযুক্তক বিজয় ৱাঘিৰে বুলি চিনাক্ত কৰা হৈছে যদিও আনগৰাকী অভিযুক্তক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষী বিষয়াগৰাকীয়ে কয়।

দুয়োগৰাকী অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিছে।

আইপিচিৰ ৩০২ ধাৰাৰ অধীনত দুয়োগৰাকী অভিযুক্ত বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকৰ সন্ধান চলাই থকা হৈছে বুলি তেওঁ লগতে সদৰী কৰিছে।

Related News