• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৃত অৱস্থাত উদ্ধাৰ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰৰ নিৰুদ্দিষ্ট দুই পাইলটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2023 6:33 pm
Army Helicopter Crashes In Arunachal

প্ৰতিনিধিত্বমূলক ছবি

165
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ মাণ্ডালাৰ সমীপত আজি পুৱা দুৰ্ঘটনাত পতিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰখনৰ নিৰুদ্দিষ্ট দুয়োগৰাকী পাইলট নিহত হৈছে। উদ্ধাৰ অভিযানত দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

নিহত পাইলট দুগৰাকী সেনাৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেল আৰু আনগৰাকী মেজৰ ৰেংকৰ বিষয়া বুলি জানিব পৰা গৈছে। আজি পুৱা ৯:১৫ বজাত বিমানখনে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰৰ সৈতে যোগাযোগ হেৰুৱাইছিল বুলি সেনাই এক বিবৃতিত সদৰী কৰিছিল।

ভাৰতীয় সেনা, সশস্ত্ৰ সীমা বল আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ পাঁচটা অনুসন্ধানকাৰী দলে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন তথা নিৰুদ্দিষ্ট সেনা বিষয়া দুগৰাকীৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰিছিল।

বিমানখনৰ ধ্বংসাৱশেষ মাণ্ডালাৰ পূব ভিলেজ বাংলাজাপৰ সমীপত উদ্ধাৰ হোৱা বুলি সেনাই সদৰী কৰিছে। দুৰ্ঘটনাৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই আৰু অনুসন্ধানৰ বাবে তদন্তৰ নিৰ্দেশ দিয়া হৈছে বুলি সেনাই লগতে কয়।

উল্লেখ্য যে, আজি পুৱা ৯ বজাত জিলাখনৰ সাংগে গাঁৱৰ পৰা অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰী অভিমুখে যাত্ৰা কৰিছিল হেলিকপ্টাৰখন। প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখন সৈতে এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ যোগাযোগ বিচ্ছিন্ন হয় বুলি নিশ্চিত কৰিছিল সেনাই।

বিশেষ তদন্ত কোষৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে জানিবলৈ দিয়া মতে দিৰাঙত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন জ্বলি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় গাঁওবাসীয়ে জিলা প্ৰশাসনক খবৰ দিছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd