যোৱা ৩ দিনত অবৈধ সুৰাপান কৰি ২০ জনৰো অধিক লোকৰ মৃত্যু!

Assam: PWD junior engineer found dead in car at Jorhat

যোৱা তিনিটা দিনত হাৰিয়ানাৰ চুনীপটত ২০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে।

আৰক্ষীয়ে উক্ত লোকসকল অবৈধ সুৰাপান কৰি মৃত্যু হোৱা বুলি আশংকা কৰিছে।

বুধবাৰে আৰক্ষী সূত্ৰই প্ৰকাশ কৰি কয় যে চুনীপট চহৰৰ বিভিন্ন অঞ্চলত ২০ জনৰো অধিকত লোকৰ মৃত্যু ঘটিছে। হাৰিয়ানাৰ আৰক্ষীয়ে অবৈধ সুৰাপানৰ ফলতে এই লোকসকলৰ মৃত্যু হোৱাৰ বুলি আশংকা কৰিছে।

“যোৱা তিনিটা দিনত ২০ জনৰো অধিকৰ মৃত্যু ঘটিছে। আৰু মৃতকৰ পৰিয়ালে মৃতদহেবোৰৰ শেষকৃত্য সম্পন্ন কৰিছে। আৰক্ষীয়ে তাৰে চাৰিটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।” চুনীপট জিলাৰ উপ আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ সিঙে পিটিআইৰ আগত কয়।

তেওঁ লগতে কয় যে অবৈধ সুৰাপান কৰাৰ ফলতে লোকসকলৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

ইফালে মৃত লোকসকলৰ পৰিয়াল লোকে আৰক্ষীক খবৰ নিদিয়াকৈ মৃতদেহসমূহৰ শেষকৃত্য সম্পন্ন কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে। যাৰ ফলত মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই।

চাৰিটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিছত ইয়াৰ ৰিপ’ৰ্টৰ বাবে আৰক্ষীয়ে অপেক্ষা কৰি থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

“আমি চাৰিটা মৃতদেহৰ ৰিপ’ৰ্টৰ বাবে ৰৈ আছো।” ডিএছপি বীৰেন্দ্ৰ সিঙে কয়।

আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা অনুসৰি চহৰখনৰ ময়ুৰ বিহাৰ, শাস্ত্ৰী কলনি, প্ৰগতি কলনি আৰু ইন্দিয়ান কলনিত এই ঘটনাসমূহ সংঘটিত হৈছে।