আতচবাজী কাৰখানাত ভয়াৱহ বিস্ফোৰণঃ প্ৰায় ২০ জন শ্ৰমিক নিহত

explosion at Thai firework factory

এক ভয়াৱহ বিস্ফোৰণে আজি জোকাৰি তোলে থাইলেণ্ড। বেংককৰ উত্তৰে থকা এক আতচবাজী কাৰখানাত সংঘটিত বিস্ফোৰণত প্ৰায় ২০ জন শ্ৰমিক নিহত হয়।

বেংককৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ উত্তৰে চুফান বুৰি প্ৰদেশত আজি দুপৰীয়াৰ ভাগত সংঘটিত হয় এই ভয়ানক বিস্ফোৰণ।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বিস্ফোৰণৰ কাৰণ এইপৰ্যন্ত স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত স্থানীয় প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।

প্ৰদেশখনৰ গৱৰ্ণৰগৰাকীয়ে উল্লেখ কৰা মতে, উদ্ধাৰকাৰী দলে বিস্ফোৰণ সংঘটিত হোৱা কাৰখানাটোৰ ভিতৰত কোনো জীৱিত লোকৰ সন্ধান পোৱা নাই।

প্ৰাথমিক তদন্তত বিস্ফোৰণৰ ফলত ২০ জনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিস্ফোৰণৰ ফলত বহু লোক আহত হৈছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

লক্ষণীয়ভাৱে, এই ঘটনাৰ সময়ত দেশখনৰ প্ৰধানমন্ত্ৰী স্ৰেথা থাভিচিন ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইক’নমিক ফ’ৰামত উপস্থিত আছিল।

অনুষ্ঠানৰ সময়তে প্ৰধানমন্ত্ৰী স্ৰেথা থাভিচিনক এই বিস্ফোৰণৰ বিষয়ে অৱগত কৰা হয় আৰু তেওঁ ক্ষিপ্ৰ তদন্তৰ আহ্বান জনায়।