শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ছাত্ৰৰ পুন:মিলন অনুষ্ঠান

শিৱসাগৰত ১৮৪০ চনতেই একাংশ সমাজ সচেতন লোকে প্ৰতিষ্ঠা কৰিছিল অসমৰ দ্বিতীয় খন পুৰণি শিক্ষানুষ্ঠান শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়।

আৰু এই বিদ্যালয়ৰ পৰাই ২০০৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে ওলাই যোৱা ছাত্ৰ সকলে অলপতে সুদীৰ্ঘ ১৪ বছৰৰ পিছত এই বিদ্যালয়তেই “সতীৰ্থ ২০০৪” শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত কৰে।

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা অনুষ্ঠানটো পতকা উত্তোলন কৰে বিদ্যালয়ৰ অধ্যক্ষ ৰমেন শৰ্মাই। বৃক্ষ ৰোপণ আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে ধৰ্মেশ্বৰ মহন্ত আৰু জয় ৰাম নাথে।

অনুষ্ঠানত ২০০৪ বৰ্ষৰ ছাত্ৰসকলে শিক্ষাগুৰু সকলক সেৱা জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। ইয়াৰ পাছতেই গুৰু শিষ্যৰ মাজত এক অন্তৰংগ আলাপ অনুষ্ঠিত হয়।

এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰৰ লগতে পূৰ্বে অৱসৰ গ্ৰহণ কৰা আৰু বৰ্তমান সেৱা আগবঢ়াই থকা শিক্ষা গুৰুসকলে অতীত স্মৃতি ৰোমন্থনেৰে স্মৃতি কাতৰ হৈ পৰে। এইদৰে ছাত্ৰ সকলেও সেইসময়ৰ বহু স্মৃতিৰ কথা ব্যক্ত কৰি আবেগিক হৈ পৰে।