NORTHEAST NOW (Assamese)

অসমত ২০৭৩ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৯৯ শতাংশ

September 22, 2020 10:26 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

২০৭৩গৰাকী ব্যক্তি মঙলবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে।

২৯,৬৪৭টা ক’ভিড টেষ্টত এইসকল ব্যক্তিক পজিটিভ পোৱা গৈছে।

টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৬.৯৯ শতাংশ। সোমবাৰে এই হাৰ আছিল ৭.৪২ শতাংশ।

পজিটিভ চিনাক্তসকলৰ ভিতৰত আছে কামৰূপ মহানগৰৰ ৩৪৪, ডিব্ৰুগড়ৰ ১৬৮, যোৰহাটৰ ১৬৬ আৰু গোলাঘাটৰ ১২৫গৰাকী ব্যক্তি।

এইসকল ব্যক্তিক ধৰি অসমত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,৬১,৩৯৩লৈ বৃদ্ধি পাইছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

ইপিনে আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৫৮৬লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ প্ৰাণ হেৰুওৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ ভগীৰথ শৰ্মা (৮৫), দৰঙৰ জোনাক চন্দ্ৰ ভূঞা (৭৬), বৰপেটাৰ পৰেশ চন্দ্ৰ আৰিয়া (৬৫), কামৰূপ মহানগৰৰ প্ৰভেশ্বৰ ৰাভা (৫৫) আৰু সুৰেন্দ্ৰ নাথ দাস (৭৪), বঙাইগাঁৱৰ মহোদৰ চন্দ্ৰ পাঠক (৮৪), যোৰহাটৰ প্ৰদীপ গগৈ (৭০) আৰু কাছাৰৰ মল্লিকা দেব চৌধুৰী (৬৬)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

৫৭৮গৰাকী ক’ভিড ৰোগীয়ে সোমবাৰলৈকে অসমত প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত সোমবাৰলৈকে মুঠ ১,২৯,১৩০গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

Related News