কাৰ্বি আংলঙত প্ৰৱল ধুমুহা বৃষ্টিপাত: হাওৰাঘাটত নিহত দুজন, আমৰেঙত আহত শিশু

Uprooted tree, Langhin, KA

বুধবাৰে আবেলি কাৰ্বি আংলং জিলাক অতি শক্তিশালী ধুমুহা বৰষুণে কোবাই যায়।এই ধুমুহা বৰষুণত জিলাখনৰ হাওৰাঘাট অঞ্চলত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। এজন হৈছে মোহন বৈশ্য (৫০)।  তেওঁৰ ঘৰৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত লোকজনৰ মৃত্যু হয়। হাওৰাঘাট আৰক্ষী থানাৰ অন্তৰ্গত তিল্লা ডাংগা গাঁওত এটা ঘৰ ভাঙি পৰাত এগৰাকী ২৩ বছৰীয়া মহিলাৰ মৃত্যু হয়। এই ধুমুহা বৰষুণত ভালেমান ঘৰৰ চাল উৰি যোৱাৰ লগতে লগতে বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।

ডিফু চহৰত এই ধুমুহাৰ প্ৰাৱল্য যথেষ্ট আছিল যদিও কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই। অৱশ্যে ৪ ঘ্টাৰ বাবে চহৰখনত বিদ্যুৎ যোগান ব্যাহত হৈ থাকে।

হাওৰাঘাট আৰু দাতিকাষৰীয়া এলেকাসমূহত অতি বেগেৰে ব’লা বতাহে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলে।

উভালি পৰা গছ আৰু গছৰ ডালে বিজুলী পৰিবাহী তাঁৰত পৰাৰ ফলত বিদ্যুত যোগান ব্যাহত হৈ পৰে। ধুমুহাত ক্ষতিগ্ৰস্তসকলে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে।

পশ্চিম কাৰ্বি আংলঙৰ খেৰিত ধুমুহাৰ সৈতে ধাৰাসাৰে বৰষুণো আহে যাৰ পলত স্বাভাৱিক জন জীৱন ব্যাহত হৈ পৰে।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সেৱা কেন্দ্ৰটোৰ সমুখৰত গছৰ এটা ডাঙৰ ডাল ভাঙি পৰাৰ ফলত এগৰাকী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্মচাৰীৰ বাইকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় আৰু তেওঁ কথমপি সাৰি যায়।

পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙত এটা বিদ্যালয় গৃহৰ ওপৰত এডাল গছ বাগৰি পৰাৰ ফলত এটি শিশু আহত হয়। বৰ্তমান শিশুটি বৈঠালংছ হস্পিটালত চিকিৎসাধীন হৈ আছে।

বোকাজানতো অতি বেগেৰে ব’লা ধুমুহাই বহুতো ঘৰৰ চাল উৰুৱাই নিয়ে।